সৰ্ব্বগত জীব হয়, তেবে তোমাৰ বিষম নঘটে। যদি তোমাত হন্তে জতি হৱে তেবে ঘটে। যদি বোলা সেই মঞি কেনে তাক কহিতে নাপাৰি। যতো তুমি বচনৰ অগোচৰ। হে পৰমেশ্বৰ! তোমাক প্ৰকৃতিপৰ অজ বুলি কহিছে। যেন জল বুদবুদ। কেবল জল, কেবল বায়ু নোহে কিন্তু দুইৰ সংযোগে হোৱে, তেমনে কেবলে প্ৰকৃতি কেবলা পুৰুষ হন্তে ভাৱে সম নোহন্ত, কিন্তু দুইব সংযোগে সে হৱে। যেন পুষ্পৰ তানেক ৰস, মধুতলী ন হুয়া থাকে, পৃথক কৰিতে নাগৰি, তথাপি তাৰ ভেদ আছে। তেমনে প্ৰলয়ত জীবসব তোমত লয় যান্ত, অবিদ্যাসমে আন্তৰ আছে। যেবে গুৰুৰ কৃপায় মুক্তি পাবে তেবেসে জলত জল হেন তোমাত আদ্যন্ত লয় হৱে।
এমনে জীবসব মুক্তি বিনে ঈশ্বৰ হন্তে সৃষ্টি প্ৰলয় পায়। সংসাৰত ফুৰে।
আক জানি সদ্বুদ্ধি সবে তোমাত ভক্তি কৰে, যাত হন্তে সংসাৰ ভ্ৰমৰ দূৰ হৱে।
কালো তাক ভয় নকৰাৱে। সিয়ো হৰি ভক্তি মন নিয়মিলেসে হয়। এতেকে
পুৰুষে সদগুৰুক উপসা কৰোক। আত বিনে আন মতে মনক নিয়মা নাযাই।
যেন বণিজসবে কৰ্ণধাৰ বিনে সাতাৰ নাপাৰে, তেমনে গুৰুসেৱা বিনে সংসাৰ
তৰা নাযাই। গুৰু উপদেশে অনায়াসে তৰে। এমনে গুৰুসেৱা কৰি সৰ্বানন্দময়
তোমাক পাইলে, তুচ্ছ বিষয়ত কি কাৰ্য আছে। আক জানি যি স্ত্ৰী সমে
মৈথুন কৰ্ম্মত প্ৰবৰ্ত্তে, তাক আশাৰ বিনাশী বিষয় সুখে কি আনন্দ কৰাইব।
এমনে বিবেকীসবে বিষয় বৈৰাগ্য কৰি গুৰু উপদেশেও তত্ত্বক জানি সৎসঙ্গ
শায়ে তীৰ্থক্ষেত্ৰ কৰি ফুৰে, কদাচিতো বিষয় সেবা নকৰে। উত্তম জনে নকৰিব
তাক কি বুলিম। একবাৰ যি তোমাত মন দিছে, সিয়ে। পুৰুষৰ সৰহৰ গৃহক
সেৱা নকৰে। যদি বোলা বেদ কৰ্ম্মপৰ হৈলে যি উপনিষদসবে কৰ্ম্ম নকহে সি
নিস্ফল হৈল। যাতে জৈমিনি আচাৰ্য্যে বেদক কৰ্ম্মপৰ কৰি কহিছে। এতেকে
উপনিষদ সবৰে। সেই সে যুক্ত হয়। বৃত্তিকাৰো যজ্ঞ ফাক কৰ্ত্তা প্ৰতিপাদন কৰি
উপনিষদৰ নিৰাকাংশ কহিছা, ইমত কদাচিত নহে। যাতে বেদে কহে এক
অদ্বিতীয় ব্ৰহ্ম বিজ্ঞান আনন্দময় এতেকে অদ্বিতীয় পৰমানন্দৰ কৰ্ম্মাঙ্গ যুক্ত নহে।
এই হেতু তাৰাৰো ইমত নহে। তাতে যদি প্ৰপঞ্চ সত্য হয় তবে বা ঘটে।
এতেকে প্ৰপঞ্চৰ অসত্যতা প্ৰশ্নোত্তৰে দেখান্ত। ই জগত সত্য, যাতে সত্য ব্ৰহ্মত
জাত হুয়াছে। যেন সুবৰ্ণ জাত কুলাদিক সুবৰ্ণ বুলি। যদি অভেদ সাধে, তবে
জাত হুয়াছে পদে ভেদ হৈল।
যদি বোলা অভেদ নসাধে, কিন্তু ভেদকেসে নিষেধে, তেবে অভেদ হৈব।
সিয়ো নঘটে। কোনো ঠাই জাত হৱা বস্তু পিতৃ পুত্ৰাদিত ভেদ দেখিছে। যদি