গোবিন্দে বোলন্ত তাঙ্ক শুনিয়েকি তাত।
আজি আউৰ আমাক নকৰা উতপাত॥
যদুকুল কণ্টকক বধিয়া কংসক।
দোভায়ো অবশ্যে যাইবো তোমাৰ গৃহক॥
অনন্তৰে দানপতি কৃষ্ণৰ বচনে।
মথুৰাত প্ৰবেশিল অসন্তোষ মনে॥
কুষ্ণ আসিবাৰ কথা কহিয়া কংসত।
মেলানি মাগিয়া গৈয়া থাকিলা গৃহত॥
অক্ৰুৰক পঠায়া গৃহক আগ কৰি।
লৈয়া গোপগণ সঙ্গে ৰঙ্গে ৰাম হৰি॥
পবম উৎসুকে প্ৰৱেশিলা মধুৰাত।
সিটো বিতোপন পুৰী দেখিলা সাক্ষাত॥
ফটিকে গঠিত পুৰ দ্বাৰ নুই খাট।
লগাই আছে সুৱৰ্ণৰ বৃহত কপাট॥
হেমময় তোৰণ চিৰলে অলঙ্কৃত।
চতুৰ্ভিতি গড়খাই দেখি ভয় ভীত॥
বহুবিধ উদ্যান শোভিত কাছে কাছে।
শাৰী শাৰী গৃহ সব প্ৰকাশন্তে আছে॥
ফটিকৰ বাৰ হেম কুন্দৰুখ জালে।
অগুৰু ধূপৰ ধূম বঝাই বোম্বালে॥
ফটিকৰ স্তম্ভে গৃহসৱ আছে ধৰি।
কণকৰ কান্তি প্ৰবালৰ খাটখৰি॥
হীৰ মৰকত ৰত্নে ৰঞ্জে ঠাৱে ঠাৱে।
শোভা কৰে পাৰাৱত ময়ুৰৰ ৰাৱে॥
চিৰল আঁৰিয়া ধ্বজ দণ্ড আছে তুলি।
সাঞ্জি মাঞ্জি ৰাজপথ চৌপন্থা পদূলি॥
প্ৰতি দ্বাৰে দুই পাশে দেখি ফট ফট।
তণ্ডুলৰ ওপৰে প্ৰকাশে পূৰ্ণ ঘট॥
দুৰ্ব্বাক্ষত দধি চাৰু চন্দনে ৰচিত।
গলত পুষ্পৰ মালা চিৰলে শোভিত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
অসমীয়া সাহিত্যৰ চানেকি।