পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৬৬ সমীয়া সাহিত্যৰ চানেকি। নই মহা বিষয়ী ভক্তিৰ নহো পাত্ৰ। কে বলে জানিবা নাম কৰি আছে। মাত্ৰ। মোৰ মূখে নচাৰোক ৰাম কৃষ্ণ নাম। ভাগৰত নিত্ৰে কহে বোলা ৰাম ৰাম। নাৰদ বদতি প্ৰভু শুনা মৃত্যুঞ্জয়। কৰিলে। তোমাৰ মুখে সকলো নিঃয়। সাত্বত তন্ত্ৰত মোক কহিলা উত্তম। এক খানি সংশয় মিলিছে মনোৰম॥ বেদৰ বিহিত হিংসা যত কৰিলে। কিচে। বধ নাহি হেন বেদবাদী বোলে। হিংসাক নিষেধ তুমি কৰিল। ইহাত। শ্ৰুতি স্মৃতি কেনে বহে কহিয়ো আমাত। শিৱ নিগদতি মুনি! শুনিয়ে নিশ্চয়। প্ৰবৃত্তি নৃবৃত্তি কৰ্ম্ম দুই বিধ হয়। প্ৰবৃত্তি কৰ্ম্মত স্বৰ্গলোক চলি যায়। পুণ্য শেষে পৃথিবীত উপজে দুনাই। প্ৰবৃত্তি নিষ্ঠক চয় প্ৰকাৰ নিয়মে। তনুজ্ঞাসে মাত্ৰ বেদে দিয়াছে সংযমে। হিংসা পুনে কদাপি বেদব মত নুই। যদি শুনা গন্ধক অনুজ্ঞাসে হুই॥ অহিংসা পৰম ধৰ্ম্ম বেদৰ বচন। বেদৰ নিবৃত্তি অৰ্থ জানিবা শোভন। শুনা সভাসদ! কৃষ্ণ কথা মনোেহব। পৰম সৰ্বস্ব ইতো ভকত জনৰ। তন্ত্ৰ বুলি তাক নকৰিবা অৱহেলা। ভকতি সুখৰ জানা আছে আত মেলা। কৃপায়ে কহিলা যাক দয়ালু শঙ্কৰ। শুনিলন্ত সাদৰে নাৰদ মুনিবৰ।