________________
৪৬৪ অসমীয়া সাহিত্যৰ চানেকি। সকাম সগুণ ভক্তি হোৱয় বিস্তব। আউৰ কিবা কহিব পুচিয়ে। মুনিবৰ। নাৰদ বদতি দেৱ দেৱ মহেশ্বব। ভক্তিৰ যতেক বিধি কৈব। নিবন্ত। কিমত নিষেধ কৈয়ো কিমত তম্ভন। হানিৰ কাৰণ কৈয়ে বৃদ্ধিৰ কাৰণ॥ সৰ্ব সাধনতে মোক্ষ কোন বা সাধন। শুনিক শ্ৰদ্ধা মোব কবিয়য়া বৰ্ণন। • পশুপতি বদতি শুনিয়ে মুনিবৰ। সকল প্ৰশ্নব মই দিবোহে উত্তৰ। কহিছে। যতেক সবে ভক্তিৰ সাধনে। তাত বিনে সমস্তে নিষেধ জানা মনে। দেহ নিৰ্বাহক বিনে অধিক বিষয়। কৰিলে ভক্তিক স্তম্ভ কৰায়ে নিশ্চয়। সঙেক্ষপে কহিলো মই নিষেধ তোমাত। ভক্তি বিনাশক দোষ শুনিয়ে সাম্প্ৰত। নিগুণ ভক্তিৰ দোষ প্ৰাণী হিংসা হৈলে। ভাগৱতী নাশ হোৱে অহঙ্কাৰ কৈলে। প্ৰেমময় নাশ হোৱে সন্তৰ দ্বেষত। নিজ গুৰু তানদৰে সবে ভক্তি হত। আৰো যেবা দ্বেষ কৰে পোন গুৰুক। ভক্তি কৰন্তেয়ে সিতো যাইবে নৰকক॥ দোষ দৃষ্টি কৰিলে আপুনি দোষী হয়। সেহি সেহি দোষৰ যে ফলক পায়। মনুষ্য বুদ্ধিক যিতো গুৰুত কৰয়। কুঞ্জৰ মানৰ মতে সবে ব্যৰ্থ হয়। সৰ্বসাধনতে মুখ্য গুৰুসেৱা জানা। তেৰে মাধৱত ভক্তি হুইবে মনে মানা॥