________________
৪৬৩ সাত তন্ত্ৰ। এতেকে সাধনে যেৰে সবে ইন্দ্ৰিয়ব। স্বাভাবিক বতি যেবে ভৈল গোবিন্দৰ। আকে বুলি ভাগৱতী ভক্তি সুশোভন। যাক পায় ভক্তে মুকুতিতে। নেদে মন। এবে প্ৰেম ভকতিৰ শুনিয়ে কাবণ। বিশ্বাস কবিয়া স্থিৰ কৰি বুদ্ধি মন॥ একান্ত ভক্তকে গুৰু মানিবে প্ৰথমে। তান উপদেশে লৈব সৎসঙ্গ যতনে। গোবিন্দৰ চাৰিবিধ লীলা শুনিবেক। কীৰ্ত্তনো কৰিৰে তাক তাকে স্মৰিৰেক। শ্ৰৱণ কীৰ্ত্তন পৰ যিসব হোৱয়। তাসম্বক প্ৰশংসা কৰিব সততয়॥ শ্ৰৱণ কীৰ্ত্তন প্ৰশংসাক স্মৰণক। যদি কোনো জনে নপিৰয় কৰিবাক। নাম আবৃত্তিত সৰ্বদায় প্ৰৱৰ্ত্তিব। নামৰ প্ৰসাদে সবে আপুনি সিজিব। সৰ্বদায়ে মহন্তত কৰিবেক প্ৰীতি। তেবেসে হৈবেক কৃষ্ণ দেৱত ভকা এহি প্ৰেমময় ভক্তি ভকতে লাভয়। সংসাৰতে জীয়া থাকে আনন্দে মাও পায়ে ভক্তে কৃষ্ণৰূপ শীল গুণ ক্ৰয়। ভাক্ত সুখ বিনে ভক্তে তাতো নেদে হিয়া॥ যদি কৰে আন সিতে ভক্তিৰ সাধন। নাহি তাত দোষ যাত হৰিৰ সেবন। কিন্তু যি ভক্তি নিষ্ঠা তাকে সে ফলভেদে ভেদ, সাধনত ভেদ নয়॥ পৃথকে কহিলো ভক্তি যোগ সসাধন। নিষ্কাম যে ফুলৰূপ দুয়ো সুশোভন।