দুই বাহু শোভে যেন মৃণাল সোণাৰ।
কৰতল কোমল দেখিতে শোভাকৰ॥
ৰত্নময় অঙ্গ দন্ত যেন আভৰণ।
মনালে মিলিল যেন সহস্ৰ কিৰণ॥
চম্পাৰ পাকৰি যেন দশ কৰ শাখা।
পিধিল আঙ্গুৰি মূল নাহি লেখা জোখা॥
অভিনৱ কুচ্চ দ্বাৰ বদন সোণাৰ।
তাহাৰ উপৰে শোভে মুকুতাৰ হাৰ॥
সুগন্ধ চন্দনে পয়োধৰ কৈল ভুৰি৷
ৰচিল কমল মদয়াত কস্তুৰী॥
সৰুয়া কাঙ্কলি কুচ ভাঙ্গিল সুন্দৰী।
নেধৰয়া ভ্ৰূ লতাক আভৰণ কৰি॥
অতি কৃশ দেৱী সিংহ জিনি মাঝ খিনি।
শ্ৰোণি ভৰে ভাৰ আতি বলিত কিঙ্কিণী॥
ৰাম ৰম্ভা বিপৰীত উৰু যুগ নিন্দে।
চৰণ দেখিয়া লাজ স্থল অৰবিন্দে॥
দ্বিতীয়াৰ যেন নিষ্কলঙ্ক সুধা নিধি।
কে জানে কতেক যত্নে নিৰমিল বিধি॥
আতি অনুপম নৱ বুলি কুমাৰীৰ।
চৰণে ৰঞ্জিত চাৰু কমুক মঞিৰ॥
পিহিল বলয়া পৰিধান নেতবাস।
অমৃত ৰুচিৰ মনোহৰ তাৰ হাস॥
কোকিলৰ কেলি যেন মধুৰস বাণী।
প্ৰমত্ত মাতঙ্গ গতি চঞ্চল নয়নী॥
সে সব খণ্ডি আসে যৌবন পৰবেশ।
বসন্ত সময় কিছো সুবিশেষ॥
ভুবন মোহন মন্মথ আইস সাজি।
চিত মঞ্জৰিল বিকসিত বনৰাজি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪২৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৩
উষাৰ বিবাহ।