লবঙ্গ মাধবী লতা আৰো পাৰিজাত।
অশোক কিংশুক আদি পুষ্প অসৎখ্যাত॥
মকৰন্দ পৰাগে ৰঞ্জিত মহীতল।
তাত ঠেকি সমিৰণে কৰে হল বল॥
পুষ্প বেণু পুষ্প ৰস শৰীৰত লাগি।
ধীৰে ধীৰে সমীৰণ আৱে অনুৰাগী॥
ভ্ৰমৰে গুঞ্জৰে উন্মত্ত মধু পানে৷
পুৰিল সকল দিশ কোকিল নিশানে॥
ত্ৰিভুবন আনন্দ সময়ে মধু মাস।
সংসাৰত জুৰিল লোকৰ অভিলাস॥
দানৱ নন্দিনী উষা হেনয়ে সময়ে।
গহন বেড়ায়ে হেন কৰিলা হৃদয়ে॥
সখীগণ সঙ্গে অঙ্গ কৰিয়া সুবেশ।
কুসুমিত কাননে কুমাৰী পৰবেশ॥
—
সিংহনাদ শবদ কৰিল শূলপাণি।
সপত পাতাল স্বৰ্গ কাম্পিল ধৰণী॥
ৰথত চৰিল ত্ৰিভুবন অধিপতি।
নন্দীয়ে ভইল তবে ৰথৰ সাৰথি॥
সংগ্ৰামে আৰ্জনা লড়ি লয় ভূতগণে।
গোবিন্দৰ সমুখে ৰহিল কোপ মনে॥
হৰ বোলে হৰি আজি ঠেকিল বিষমে।
প্ৰাণ সংহৰিবো তোক আজিৰ সংগ্ৰামে॥
কংস কেশী মুষ্টিৰ চাণূৰ বকাসুৰ।
তাক মাৰি গৰ্ব্ব তোৰ বাঢ়িল প্ৰচুূৰ॥
ভাল মন্দ নজানিস গাৱেৰ গৰবে।
মোৰ হাতে পৈলে বোল কি কৰিবি এবে॥