উষাৰ বিবাহ।
উষা সময়ত কন্যা হৈল উতপতি।
আতি হৰষিতে বাণাসুৰ দৈত্যপতি॥
উষা নাম থৈলা যেন বিধি বেৱহাৰে।
বাঢ়ে উষা কন্যা তবে বাপৰ মন্দিৰে॥
বাঢ়য় হৰিষ নৱ যৌবন ৰহেস।
জলধৰ ৰুচিৰ কুটিল নীল কেশ॥
বান্ধিল চিকুৰ দিয়া মুকুতাৰ জালি।
অভিনৱ মেঘে যেন পৰয় বিজুলী॥
মালতী কুসুম ৰসে খোপা শোভে পাশে।
নক্ষত্ৰ মণ্ডলে যেন চন্দ্ৰৰ প্ৰকাশে॥
শিখত সিন্দুৰ যেন বিধুম হুতাশ।
তৰুণ তিমিৰে যেন সূৰ্য্যৰ প্ৰকাশে॥
ললাটে কুঙ্কুম পত্ৰ ভুম দল ধনু।
কাজলে গৰল যেন থাপিলন্ত তনু॥
নয়ন বিশিখ দিয়া থুইল সন্ধানে।
বিধি ভৈল জান্তে কিবা আনেৰ পৰাণে॥
নানা তিল পুষ্পৰ ফুলিল পৰতেক।
শঙ্খ জিনি কুস্তুভ সুন্দৰ তিনি ৰেখ॥
অধৰ সুন্দৰ যেন ফুলিল পাৰলি।
দন্ত কুন্দ শ্ৰেণী যেন গান্থিলেক মালি॥
পলাশ কুসুম যেন ফুলিল গগণে।
বাক নিন্দে উষাৰ সে এদুই নয়নে॥
ৰতন কুণ্ডল দুই ঢুলে গণ্ড স্থলে।
দুই ৰবি আমলে যেমন কৈল কোলে॥