পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২৫
ভাগৱত।

যতেক দেৱতা আমি সৱে তযু দাস।
তুমি সে পুৰুষোত্তম সবাৰো নিৱাস॥
যদি বোলা জগত পালক তুমি সৱে।
পালিবাক লাগিয়া জগত আছা যেবে॥
ব্ৰহ্ম বুলি স্তুতি কেনে কৰিলা পূৰ্ব্বতে।
অজাতি বিজাতি মোত ভেদ কেন মতে॥
নাহি ভেদ প্ৰভু তুমি সদানন্দ এক।
প্ৰকৃতিৰ আদ্য যাতো পুৰুষ প্ৰত্যেক॥
তোমাৰ সদৃশ নাহি পুৰুষ অপৰ।
শুদ্ধ সুপ্ৰকাশ হেতু অহেতু ঈশ্বৰ॥
তথাপি আপোন গুণ প্ৰসিদ্ধক প্ৰতি।
মায়ায়ে দেখাৱে যেন অনেক আকৃতি॥
যেৱে মই হেন কেন বোলয় সংসাৰী।
নুহি নুহি প্ৰভু তুমি সৰ্ব্ব সাক্ষী হৰি॥
যেন মেঘ ছাঁয়া ঢাকি থাকে দিবাকৰ।
ছাঁয়াকো প্ৰকাশি প্ৰকাশয় চৰাচৰ॥
সেহি মতে তোমাক নেদেখে অহঙ্কাৰে।
গুণক প্ৰকাশি জীৱচয়ে নিৰন্তৰে॥
মায়াৰ আশ্ৰয় তুমি সমস্ত মোহন।
কেন মতে আছে তযু সংসাৰ-বন্ধন॥
তোমাৰ মায়ায়ে বিমোহিত বুদ্ধি হুয়া।
মৰে মোৰ গৃহ পুত্ৰ সকল বুলিয়া॥
ধন জন সুখ বুলি চিন্তয় সতত।
তল যায় ওপঙ্গয় ঘোৰ সংসাৰত॥
ব্ৰহ্ম পদ পাই আসি স্থাৱৰ হোৱয়।
কি কহিবো তোমাৰ মায়াৰ বিপৰ্য্যয়॥
এহিমতে জীৱেশ্বৰে অৱস্থা বৰ্ণাই।
দেখাইলা সংসাৰে হৰি বিনে বস্তু নাই॥
হেন ঈশ্বৰক নভজয় যিতো নৰে।
তাঙ্ক নিন্দি স্তুতি বাণী বুলিলা শঙ্কৰে॥