পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১৪
অসমীয়া সাহিত্যৰ চানেকি।

দুই বাহু মেলি যায় ভকতক ৰাখি।
মাধৱক স্তুতি বাক বুলিলন্ত ডাকি॥
ৰাখা ৰাখা প্ৰভু মোৰ ভকতৰ প্ৰাণ।
তুমিসে ঈশ্বৰ মোৰ গতি নাহি আন॥
নজানি তোমাত ইতো যুজে মন্দ কৰ্ম্ম।
বেকতো গুপ্ততো যাতো তুমি পূৰ্ণ ব্ৰহ্ম॥
নিৰ্ম্মল ভকতি যাত দেখয় প্ৰকাশ।
সদানন্দ শুদ্ধ তুমি যেহেন আকাশ॥
আছোক জানিবে তযু নিৰ্গুণৰ গতি।
বিৰাট ৰূপৰ তযু নজানয় স্থিতি॥
ডম্বৰু ফলৰ ভিতৰৰ মশগণে।
ডম্বৰু ফলক সিতো নজানয় যেনে॥
গগণেসে নাভি যাৰ মুখে হুতাশন।
জলেসে ৰেতস শিব ব্ৰহ্মাৰ ভুৱন॥
দশোদিশে কৰ্ণ যাৰ পৃথিৱী চৰণ।
চন্দ্ৰেসে যাহাৰ মন সূৰ্য্য নিৰীক্ষণ॥
মই যাৰ অহঙ্কাৰ চন্দেসে জঠৰ।
বাহু যাৰ ইন্দ্ৰ আদি দেৱ নিৰন্তৰ॥
ৰোমে ঔষধিগণ মেঘ যাৰ কেশ।
বুদ্ধি ব্ৰহ্মা প্ৰজাপতি উপস্থ বিশেষ॥
অধৰ্ম্মে সে পৃষ্ঠি যাৰ ধৰ্ম্মে সে হৃদয়।
হেনয় পুৰুষ তুমি ত্ৰিভুৱনময়॥
যদি বোলা মোৰ সাত বিতস্থি প্ৰমাণ।
এহি শৰীৰক কি মহিমা হেন ঠান॥
ভকতি কল্যাণ হেতু ধৰ্ম্মক ৰাখিত।
ধৰি আছা ইতো তনু কৰিয়া বিদিত॥
হেন পূৰ্ণ ৰূপ তযু নজানি প্ৰমাণ।
তুমি সে আমাক প্ৰতিপালা সৰ্ব্বক্ষণ॥
তোমাৰে সে তেজে ইতো সপত ভুৱন।
সৃজা পালোঁ আমিও সংহাৰো অনুক্ষণ॥