শুনা নৰ নাৰী ইতো মহাভাগৱত।
শিৱৰ ভকতি কেনে দেখিয়ো কৃষ্ণত॥
মহন্তে সে জানে মহা মহন্তৰ মান।
দুষ্ট দুৰ্ম্মুখে সে নিন্দে নুবুজি প্ৰমাণ॥
কৃষ্ণ সে পৰম ইষ্টদেৱ জগতৰ।
ব্ৰহ্মা মহাদেৱ যাৰ সদায়ে কিঙ্কৰ॥
ধন জন গৰ্ব্বিত বৰ্ব্বৰ যিতো জন।
হেন কথা শুনি তভো নোপজে চেতন॥
কৈৰ ধন জন মৰে তাহাৰ জঞ্জালে।
কেতিক্ষণে ঘণ্ট লাড়ি নিবে পৰা কালে॥
মাধৱৰ চৰণ নধৰে আঙ্কোৱালি।
বুৰি আসে নাৱ গিলি আসে পাপ কলি॥
যেবে জানা সধুজন তৰিবা সম্প্ৰতি।
দৃঢ় কৰি ধৰা হৰি চৰণ ভকতি॥
কৃষ্ণৰ কিঙ্কৰে কহে অনন্ত কন্দলি।
ছাড়া পাপ ৰাম ৰাম বোলা গল মেলি॥
বদতি শঙ্কৰ তুমিসে ঈশ্বৰ
দিলা যিতো নৰকায়।
আক পাই যিতো সদায়ে নভজে
তোমাৰ এ দুই পাৱ॥
আপোনাক সিতো বঞ্চিলেক জানা
শোক কৰো তাকে লাগি।
গৈল অধোগতি তোমাৰ ভকতি
ত্যজিয়া সিতো অভাগী॥
তুমি সে ঈশ্বৰ আত্ম প্ৰিয়তৰ
তোমাক ত্যজে যিজনে।
মিছা ধন জন সুখৰ কাৰণ
আনক ভজে যতনে॥