বাণ পুত্ৰ সমে শাম্ব জাম্বৱতী-সুত।
বাণ সাত্যকিয়ে যুদ্ধ ভৈল বিপৰীত॥
দেৱৰ নায়ক যত ব্ৰহ্মা আদি কৰি।
যুদ্ধ চাহিবাক সৱে গৈল ৰথে চড়ি॥
আনো যত সিদ্ধ মুনি গন্ধৰ্ব্ব চাৰণ।
অপ্সৰা বিদ্যাধৰ যক্ষ বক্ষগণ॥
সবান্ধৱে মাধৱক যুজন্ত শঙ্কৰ।
অদ্ভুত দেখিয়া চাহি আছে সুৰাসুৰ॥
শঙ্কৰৰ কটক পিঙ্গট অতিশয়।
ভূত প্ৰথম প্ৰেত গুহ্যক দুৰ্জ্জয়॥
ডাকিনী যোগিনী আৰু ধন বিনাশক।
ভূত মাতৃ পিশাঞ্চ কুম্মাণ্ড বেতালক॥
যক্ষ ৰাক্ষস কতো যুজিবাক চাৱে।
ধৰিয়া সাৰঙ্গ ৰঙ্গে ধাইলন্ত মাধৱে॥
ধনুক টঙ্কাৰি তীক্ষ মাৰি শৰজাল।
ছেদি ভেদি তেতিক্ষণে খেদাইল সকল॥
সৈন্য পলাইবাৰ দেখি মনত অতুষ্টি।
পিণাক কাৰ্ম্মুক হৰে ধৰি দৃঢ় মুঠি॥
দিব্য অস্ত্ৰ আছে যত ধৰি বাৰেবাৰ।
কৃষ্ণক লাগিয়া প্ৰহাৰিল দৃঢ়তৰ॥
নভৈল বিস্ময় হৰি সাৰঙ্গপাণি।
নিবাৰিলা সকল অস্ত্ৰক অস্ত্ৰে হানি॥
ব্ৰহ্মঅস্ত্ৰ ধৰি যেৱে প্ৰহাৰন্ত হৰে।
পূৰ্ণব্ৰহ্ম অস্ত্ৰে নিবাৰিল দামোদৰে॥
বায়ু শৰ হানি হৰে মেলিল বতাস।
পৰ্ব্বতৰ শৰে হৰি কৰিল নৈৰাশ॥
অগ্নি-শৰ হানি হৰে জ্বালন্ত অগনি।
মেঘসৰে জলে নিমাৱন্ত চক্ৰপানি॥
পাশুপত অস্ত্ৰ যেৱে হানন্ত শঙ্কৰে।
নাৰায়ণ অস্ত্ৰে সংহাৰন্ত চত্ৰধৰে॥
৫২