এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৮
অসমীয়া সাহিত্যৰ চানেকি।
শুনা বন্ধুজন দেখা কেন ঠান
ভকতৰ স্নেহ অতি।
আপোন শৰীৰে হৰিক যুঝিতে
সাজি যায় পশুপতি॥
এতেক ভকতি সমান শকতি
দেৱক তুষিত নাই।
হেন জানি হৰি চৰণে ভজিও
ভকতি কৰি সদাই॥
যদি দুষ্টে নিন্দি কৃষ্ণক দূষিত
কৰে যেৱে দুৰাচাৰ।
উপজি উপজি পড়ে নৰকত
নিস্তাৰ নাহিকে তাৰ।
নামত যাহাৰ পুৰুষ উদ্ধাৰ
নিন্দে তান দাস বুলি।
নিন্দিবাহা সাক্ষী খাইলে দুয়ো আঁখি
সেহিসে জানিবা কলি॥
নমো ৰমাকান্ত অচ্যুত অনন্ত
কৰিও নিস্তাৰ মোক।
পাষণ্ড সঙ্গত হৱে দোষ যত
আবে মোক ক্ষমিয়োক॥
গৃহাশ্ৰমে যাৱে থাকি মানে তাৱে
পাপৰ নাহি বিৰাম।
অনন্ত কন্দলি কহে কৃতাঞ্জলি
ডাকি বোলা ৰাম ৰাম॥
মিলিল তুমুল ৰোল হৰি শঙ্কৰৰ।
দেখন্তে আশ্চৰ্য্য লোম শিহৰে গাৱৰ॥
প্ৰদ্যুম্নৰ কাৰ্ত্তিকৰ লাগিল সংগ্ৰাম।
কুভাণ্ড কুশকৰ্ণ সমে যুজে হলীৰাম॥