পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১০
অসমীয়া সাহিত্যৰ চানেকি।

এহিমতে যতেক হানিল শূলপানি।
সৱে নিবাৰিল হৰি নিজ অস্ত্ৰ হানি॥
জৃম্ভন শৰক যেৱে হানিল মূৰাৰি।
মোহ হুয়া শঙ্কৰ বহিল দান্ত তৰি॥
ঘনে ঘনে হাচি উঠে ভেদিলেক শৰে।
লাচাপিচা কৰে হবে ঢলো পৰো কৰে॥
হৰক মোহিয়া হৰি গদা খড়গ শৰে।
বাণৰ সেনাকে কাটিলন্ত নিৰন্তৰে॥
মাধৱৰ শৰে ফুটি গৈল আঁখি মুখি।
কতোহো মৰিল কতো পলায় প্ৰাণ ৰাখি॥
প্ৰদ্যুম্নৰ শৰ ছোটে কাৰ্ত্তিক কুমাৰ।
পাড়িল শৰীৰ থিব নোহে কলেৱৰ॥
সকল শৰীৰে ধৰে তেজ বহি যায়।
ময়ূৰত ছুটি দিয়া গৈলেক পলাই॥
বলৰ মূষলে অতি ভেদিল শৰীৰ।
কুপকৰ্ণ কুভাণ্ড পড়িল দুয়ো বীৰ॥
নায়ক পড়িল দেখি যত সেনাগণ।
দশোদিশ পলাই ছাড়িয়া ঘোৰ ৰণ॥
ভাগিল আপোন সৈন্য দেখি ৰাজা বাণে।
সত্যেকিক এড়ি মাধৱক ধাইল ৰণে॥
হাজাৰেক বাহুক জঙ্কাৰি বীৰবৰে।
পাঞ্চশত ধনু আজুৰিয়া একেবাৰে॥
একো একো ধনুত যুড়িল দোধো বাণ॥
মহা মদ-গৰ্ব্বে চাহে কৰিতে সন্ধান॥
হেন দেখি হৰি হাসি ধনু ধৰি ডাটি।
পঞ্চশত শৰ তাৰ পেলাইলন্ত কাটি।
একেবাৰে মাৰি ৰথ সাৰথি তুৰঙ্গ।
বঙ্গে নাৰায়ণে অতি ফুঙ্কিলন্ত শঙ্খ॥
ভূমিত পড়িল বাণ হৰিল প্ৰভাৱ।
হেন দেখি সন্তাপিত ভৈল তাৰ মাৱ॥