তথা মহা ভাগৱত শাস্ত্ৰৰো আছিল মত
সদায়ে শুনিলা সাধু জন।
ৰত্ন পাঠকৰ মুখে শুনি আছে যত নৰ
আদ্যাপি প্ৰশংসে ঘনেঘন॥
দেৱ মাধৱৰ ববে উপজিল সেহি থানে
তাহাৰ নন্দন শুদ্ধ মতি।
পিতৃগুণ অনুসাৰে মহাভাগৱত শাস্ত্ৰে
কৃষ্ণে উপজাইলা কিছু ৰতি॥
অনন্তকন্দলি কবি নাম মাত্ৰ ভৈল খ্যাত
কাৰ্য্য কিছু নভৈল তাহাৰ।
নাৰাধিলো একোদেৱ নকৰিলো ৰাজ সেৱ
একো শাস্ত্ৰ নজানিলো আৰ॥
নচাহিলো কাব্য কোষ কাতো নাহি পৰিতোষ
তৰ্কতো কৰ্ক্কশ ভৈল মতি।
একে ভাগৱত শাস্ত্ৰ চিত্তক তোষিলে মোৰ
তাতেসে দ্ৰৱিল মোৰ ৰতি॥
সাক্ষাত অমৃতময় শ্ৰৱণত পাপ ক্ষয়
সাধে ধৰ্ম্ম অৰ্থ মোক্ষ কাম।
ইয়ো শাস্ত্ৰ শুনিবাক পণ্ডিতো নপাতে কাণ
মূৰ্খবো নাহিকে অবিৰাম॥ .
অৰ্থ আৰ গুৰুতৰ নানাবিধ প্ৰসঙ্গৰ
তত্ত্ব কৰিবাক নপাৰয়।
ভকতি প্ৰদীপ বিনে বেদান্তিকো নুবুঝায়
টীকাতো সংশয় নিছিগয়॥
এতেকে কাকুতি কৰি বোলো শুনা সাধুজন
আমি আৰ ৰচিবো পয়াৰ।
কৃষ্ণত ভকতি ক্ষীণ আমি সৰ্ব্বগুণে হীন
ই দোষ কৰিয়ো পৰিহাৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৮৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮৭
আত্ম পৰিচয়।