কিন্তু মাধৱৰ কথা গঙ্গা ভাগিৰথী তথা
পৰশ মাত্ৰকে কবে শুদ্ধি।
ইসে মুকুতিৰ দ্বাৰ সকল শাস্ত্ৰৰ সাৰ
আকো নিন্দে যিতো মন্দবুদ্ধি॥
শ্লোক সংস্কৃতে আদি লিখিবাক ভাল জানি
তথাপি কৰিবো পদ বন্দ।
স্ত্ৰী শূদ্ৰ আদি যত জানোক পৰম তত্ত্ব
শ্ৰৱণত মিলয় আনন্দ॥
ধন জন ঐশ্বৰ্য্যৰ গৰ্ব্ব সবে পৰিহৰি
কবা কৃষ্ণ চৰণে ভকতি।
অনন্ত কন্দলি ভণে ডাকি ৰাম বোলা ঘনে
সবাব গুচোক চণ্ডমতি।
ৰত্ন পাঠক নাম পণ্ডিত পৰম।
ভাগৱত শাস্ত্ৰে যাৰ আছিল বিক্ৰম॥
শ্ৰীহৰিচৰণ নামে তাহান সন্ততি।
এতেকেসে ভৈলা নাম শ্ৰীচন্দ্ৰ ভাৰতী॥
তৰ্কত লভিলা নাম অনন্ত কন্দলি।
ভাগৱতে আচাৰ্য্য পদবী ভৈল বলী॥
অনন্তকন্দলি নাম বোলে আৰ্য্যজনে।
তেহো বিৰচিল পদ কৃষ্ণৰ চৰণে॥
আছিল কায়স্থ কৃষ্ণ কিঙ্কৰ শঙ্কৰ।
তেহো ভাগৱত কথা ৰচিলা সুন্দৰ॥
যাত হন্তে ভৈল কৃষ্ণ কথাৰ প্ৰসিদ্ধি।
জানিলেক লোকে ভকতিসে নব নিধি॥
সিতো মহন্তৰ এবে কহিলো মহত্ত।
যাৰ কৃষ্ণ-কথা-গীতে ব্যাপিলে জগত॥
নামতেসে শূদ্ৰ মহা হৰিত ভকতি।
কৃষ্ণ স্মৰি মৰি স্থিত ভৈল বৈকুণ্ঠত॥