সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮৬
অসমীয়া সাহিত্যৰ চানেকি।

হাহা ৰাম হাহা ৰাম বুলি, সকলে নগৰী যাই চলি,
 বাল্য বৃদ্ধ যত পবি কান্দে দীৰ্ঘ ৰাৱে।
সীতাৰ গুণক সুমৰিয়া, কান্দে নাৰীসবে পথ চায়া,
  দেখিয়া শ্ৰীৰামে বুলিলন্ত প্ৰেমভাৱে

আত্ম পৰিচয়।

কামৰূপে অনুপম  হাজো হেন আৰ নাম,
 যাত মহা পঞ্চ তীৰ্থ আছে।
মহামণিকুট গিৰি উঠি যাত জন্মতৰি
 লুহিত বহন্ত যাৰ কাছে॥
গিৰিবৰ উপৰত। মহা ৰম্য মন্দিৰত আছ।
 কৃষ্ণ ভকতৰ পতি।
হয়গ্ৰীব ৰূপ ধৰি  যাক দেখি নৰ নাৰী
 মহা সুখে সাধয় মুকুতি॥
তাঁতি হেন খ্যাতিমন্ত  দাতা ভোক্তা গুণৱন্ত।
 মনুষ্য মধ্যত গুহ্যতৰ।
সদাচাৰি শুদ্ধ অতি  কৃষ্ণৰো কথাত ৰতি
 ব্ৰাহ্মণৰ আমাতে কিঙ্কৰ॥
তাসম্বত হন্তে দিব্য   পাট বস্ত্ৰ উপজয়
 দেৱ দ্বিজ ৰাজাৰ ভূষণ।
সেহি হাজো নাম স্থানে  আছিলন্ত ৰঙ্গ মনে
 মাধৱত কৰিয়া সেবন॥
তাঁতিকুল কমলৰ  প্ৰকাশক দিবাকৰ
 ভাগৱত শাস্ত্ৰত পাৰ্গত।
ৰত্ন পাঠক নাম দ্বিজবৰ অনুপম
 আছিলন্ত কৃষ্ণত ভকত॥