মল্ল মহোৎসৱ চাইবে যাইবে প্ৰভাতত।
দিয়ালন্ত সাড় এহি বুলিয়া ব্ৰজত।
লৱড়া লৱড়ি কৰি সাজে গোপগণে।
পাছে গোপীগণে হেন শুনিয়া শ্ৰবণে॥
আইল কংস দূত আজি ব্ৰজক অক্ৰূৰ।
নিবে কালি ৰাম মাধৱক মধুপুৰ॥
হেন বাৰ্ত্তা পাই যেন থিয়য়ে মৰিল।
তমোময় দেখে মুখে বচন হৰিল॥
হৃদয় সন্তাপে তেজে শ্বাস ঘনে ঘনে।
শুকাইল অধৰ ভৈল মলিন বদনে।
সোলকে বলয় খোপা শিথিল বসন।
কৃষ্ণক ধ্যানত ধৰি নেমেলে নয়ন॥
দেহকো পাসৰি চিন্তে মনে অবগাই।
কৃষ্ণৰ আলাপ স্মৰি কতো মূৰ্চ্ছা যায়।
সুললিত লীলা গতি হাস্য নিৰীক্ষণ।
সমৰন্তে পৰিহাস নৰহে জীৱন।
কৃষ্ণক চিন্তন্তে ভৈল বিৰহে বিহ্বল।
তিতিয়াছে মুখ ঝৰে নয়নৰ জল।
ভৈল এক ঠাই দেখি কৃষ্ণত নিৰাশ।
বুলিবে লাগিলা সবে তেজিয়া নিশ্বাস।
হে বিধি কিঞ্চিতেকো তোৰ দয়া নাই।
প্ৰিয় জন সমে আনি কৰ এক ঠাই।
আন্তৰাস নতু পান্তে মনোৰথ পাৰ।
ছৱালৰ চেষ্টা যেন চৰিত্ৰ তোমাৰ।
সুকপোল সুনাসিকা মুখ মুকুন্দৰ।
অলকে আবৃত অল্প হসিত সুন্দৰ।
হেন মুখ দেখাই দুনাই কৰ বিঘটিত।
দেখ বিধি কেন তোৰ কৰ্ম্ম গৰিহিত।
শুন শুন বিধি কিনো তই ক্ৰূৰ মন্দ।
কৃষ্ণ চক্ষু কাঢ়িনেস আমি ভৈলো অন্ধ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
অসমীয়া সাহিত্যৰ চানেকি