পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
দশম স্কন্ধ।

পূৰ্ব্বত আপুনি দিলে আৱে কেন নেস।
জগত ব্যাপিবে পুনু তোহোৰ দুৰ্যশ॥
বিধাতাক এড়ি অন্যান্যে বোলে বাক।
ইসে খেদ নন্দসুতো তাজন্ত আমাক॥
পতি পুত্ৰ তেজিয়া ইহান ভৈলো চেড়ী।
কিনো নিদাৰুণ কোন সতে যান্ত এড়ি॥
কিনো পুণ্য কৰিলেক মথুৰাৰ নাৰী।
ভৈল সুপ্ৰভাত আজি দেখিবে মুৰাৰি॥
কৃষ্ণৰ কটাক্ষ হাস্য অমৃত সমান।
নয়ন ভ্ৰমৰ ভৰি কৰিবেক পান॥
মধুৰ মূৰ্ত্তিক দেখি হৈবে কৃতকৃত্য।
প্ৰিয় সম্ভাষণে আন মোহিবেক চিত্ত॥
নাগৰী নাৰীৰ ৰতি-ৰস সিটো পাই।
আমি কুগ্ৰামীক লাগি নাসিব দুনাই॥
আজি মহোৎসৱ মিলিবেক মথুৰাত।
বৃঞ্চি ভোজ বংশৰ আজিসে সুপ্ৰভাত॥
দেখিবে নয়নে লক্ষ্মীৰমণ মাধৱ।
পন্থু কৰো হুইবে আজি নয়ন উৎসৱ॥
অক্ৰূৰকো শপে কতো পৰম ক্ৰোধত।
কৈৰ ধূমকেতু আসি পড়িল ব্ৰজত॥
আমাৰো প্ৰাণকো কাঢ়ি নেয় নিদাৰুণে।
ইহাৰ অক্ৰূৰ নাম থৈল কোন গুণে?॥
গোপীৰ জীৱন কাঢ়ি নেয় দূৰ পথ।
কঠিন হৃদয় কৃষ্ণ আৰোহিলা ৰথ॥
নেদেয় হাক আনে লগে লড়ে গোপ সঙ্গ।
পড়িব বিঘিনিহুনো হুইবে যাত্ৰা ভঙ্গ॥
নযায় ভূমিকম্প কিয় নুহি বজ্ৰপাত।
হেনবা থাকন্ত কৃষ্ণ দেখি উতপাত॥
নবাধয় হাঞ্চি জেঠি নাই উপচক্ৰ।
জানিলো আমাৰ কিনো ভৈল বিধি বক্ৰ॥