পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
দশম স্কন্ধ।

আনন্দে বসিলা দুয়ো ৰাম নাৰায়ণ।
পুছিবে লগিলা আগমনৰ কাৰণ॥
শুনা খুড়া বাপ তুমি আসিলা কল্যাণে।
সুখে কি আছে মোৰ জ্ঞাতি বন্ধু মানে?॥
বাঢ়ে কুল-ৰোগ কংস আমাৰ মমাই।
মিছা পুছে জানোহো কুশল কাৰো নাই॥
হা পিতৃ মাতৃ মোৰ পৰম মহন্ত।
মই হেতু পাইলা দুয়ো দুঃখ অপৰ্য্যন্ত॥
মোৰেসে কাৰণে ছয়ো পুত্ৰৰ মৰণ।
মোহোৰ নিমিত্তে পাইলা দুৰ্ঘোৰ বন্ধন॥
হৰি হৰি দৈৱকী দুখিনী মাৱ মোৰ।
ভুঞ্জিলা নিকাৰ আপদৰ নাই ওৰ॥
মই পুত্ৰ হেতু বন্ধনতে গৈল কাল।
তোমাৰসে দুখে হৃদয়ত ভৈল শাল॥
তোমাক দেখিলো খুড়া আনন্দ ইহাত।
আইলা কিবা কামে কহিয়োক আবে তাত?॥
শুনিয়া অক্ৰুৰে বৰ্ণাইলন্ত নিৰন্তৰে।
যি কামে পঠাইলা তাঙ্ক কংস নৃপবৰে॥
নাৰদে যি মতে কথা কহিলা তহিতে।
যেন মতে গৈল বসুদেৱক বধিতে॥
নিবেক পঠাইলা যেন ধনুৰ্যাগ ছলে।
হস্তী মালে মাৰিবে যিমতে ধৰি বলে॥
কংস বিচেষ্টাক ৰাম মাধৱৰ আগে।
প্ৰতি প্ৰতি কহিলা অক্ৰুৰ মহাভাগে॥
হেনয় সম্ভেদ কথা শুনি হৃষীকেশ।
পিতৃত কহিলা সব কংসৰ আদেশ॥
হুয়া সাজ পিতৃ কালি যাইবে লাগে জানি।
নন্দ আদেশিল সব গোপগণ আনি॥
লৈয়োক বাৎসৰী কৰ দধি দুগ্ধ বৃত।
শকট যুড়িয়া তাতে তুলিয়া সম্ভৃত॥