শশুৰৰ বাক্যে দেবী কৌতুক মিলিল।
বাকলিক তেজি দিব্য বস্ত্ৰক পিন্ধিল॥
শাশু সাতে পাঞ্চে পিন্ধাইলন্ত অলঙ্কাৰ।
মুকুট কুণ্ডল গলে সাতেসৰি হাৰ॥
কনক কঙ্কন ৰত্নময় হেমহাৰ।
থানে থানে পিন্ধাইল বত্ৰিশ অলঙ্কাৰ।
কৰেগ্ৰ আঙ্গুঠি নপুৰ মণি পাৱে।
জলন্ত গোসানী সীতা আতি অনুভাৱে॥
গাৱচালি কৌশল্যা সীতাৰ গলে ধৰি।
কান্দিবে লাগিলা জানেকীৰ গুণ স্মৰি॥
মাৱে জীয়ে কান্দে যেন ধৰি কোলাকোলে।
লোহ মলছিলা সীতা বস্ত্ৰৰ আঞ্চলে॥
মাথে চুমা দিয়া বোলে ৰামৰ জননী।
শুনা বোলো আই মোৰ জনক নন্দনী॥
নিগুণ স্বামী তোৰে দুৰ্গতি ৰহিত।
অপমান নলাগাইবা কৰিবাহা হিত॥
সীতায়ে বোলন্ত শাশু নকৰিবা শোক।
ইতৰ নাৰীৰ মতে নেদেখিবা মোক॥
স্বামী আছন্তে শোভে যত অলঙ্কাৰ।
স্বামী বিনে জানিবা সকলে ছাৰখাৰ॥
পৰিমাণ কৰি ধন দেই বাপ ভাই।
আনো লোকে ধন দিলে ততেক নপাই॥
সৰ্ব্ব ধন সুখ ভোগ স্বামীৰেসে দান।
দুষ্টা নাৰীসে তাক দেই অপমান॥
মনোৰথ ৰাৱে হোৱে কোকিল শোভন।
প্ৰতিব্ৰতা ধৰ্ম্মতেসে শোভে কন্যাগণ॥
মোৰ স্বামী ৰাম সৰ্ব্ব গুণৰে সাগৰ।
মই হেন জানো এহেন্তেসে মহেশ্বৰ॥
মোৰ প্ৰাণ ধন জানো আহানে চৰণ।
জন্মে জন্মে এহেন্তেসে হৌক মোৰ মন॥