পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮০
অসমীয়া সাহিত্যৰ চানেকি।

মাথে জটাধৰ তেজ ৰাজ অলঙ্কাৰ।
জাণ্টে বনে চল সত্য ৰহোক ৰাজাৰ॥
দাৰুণাৰ মন পুৰি শ্ৰীৰাম লক্ষ্মণ।
দিব্য বস্ত্ৰ তেজি চৰ্ম্ম পিন্ধিলা তেখন॥
ব্যাকুলে কান্দন্ত সীতা দেখি বৃক্ষচাল।
স্ত্ৰী ভৈলে আক পিন্ধিবাক নুহি ভাল।
শুনিয়োক ৰামচন্দ্ৰ মোৰ প্ৰাণনাথ।
কেন মতে পিন্ধি বক্লা কহিয়ো সাখ্যাতে॥
নেত্ৰৰ উপৰে ৰামে পিন্ধাইলন্ত চৰ্ম্ম।
কান্দে মহাদৈই গণে শোকে দহে মৰ্ম্ম॥
হা কিনো ভৈল বুলি ৰোল উথলিল।
ৰামৰ ভাৰ্য্যাৰ হেন বিপত্তি মিলিল॥
ৰাজা বোলে পাপিষ্ঠী কুক্ষাতি কিনো থৈল।
একে ৰামক বনে যাইতে বৰ লৈলে॥
পাপ তনু নিদাৰুণী কিনো তই ভৈলে।
লক্ষণ সীতাক কেনে বাকলি পিন্ধাইলে॥
ৰাম বোলন্তে একুটিৰ পুত্ৰ আমি।
মাৱক পালিবা বাপ তুমি ভাল স্বামী॥
এতেক বোলন্তে ৰাজা পৰি মূৰ্চ্ছা গৈলা।
চেতন লভিয়া পাছে মন্ত্ৰীক বুলিলা॥
ভাল মতে ৰথ মোৰ সাজি এতিক্ষণে।
সাৰথি হুয়া ৰামক থৈয়োক বন মাঝে॥
ৰাজাৰ আদেশ মন্ত্ৰী মাথে তুলি লৈয়া।
ৰথ সাজি তেতিক্ষণে আনিলেক গৈয়া॥
ভণ্ডাৰিক দশৰথে কৰিলা হাঙ্কাৰ।
সীতাক দিয়োক আনি ৰাজ অলঙ্কাৰ॥
দিব্য অলঙ্কাৰ যত আনিয়া সভাক।
ৰাজাৰ আদেশে আনি দিলন্ত সীতাক॥
ৰাজায়ে বোলন্ত কুল বোৱাৰী আমাৰ।
দেখো পৰিছেদি আই পিন্ধা অলঙ্কাৰ॥