কৌশল্যাই শুনি হেন সীতাৰ বচন।
হৰিষে বিষাদে ভৈল সজ্জল নয়ন॥
ৰামৰ গলত ধৰি বুলিলা অশেষ।
সীতাক ৰাখিতে ভাল উপদেশ দিল।
সুকুমাৰ বাপ মোৰ লক্ষণ কুমাৰ॥
তাহাঙ্ক ৰাখিবি যেন নিজ কলেৱৰ।
ৰামে বোলন্ত মাৱ তেজিয়োক চিন্তা।
লক্ষণ ডাহিন বাহু চায়া মোৰ সীতা॥
এহি দুইৰ পৰাভৱ চিন্তিব যি জনে।
পাত মলচিলে জানা যমৰ সদনে॥
মোৰ সঙ্গে যাইব লক্ষ্মণ বীৰবৰ।
ৰবি তলে নাহি বীৰ মোক সমসৰ॥
একে আৰো অগ্নি মই লক্ষ্মণ পৱন।
মোৰ বৈৰ সবক কৰিবোঁহো দহন॥
ৰামৰ বচনে দেবী ভৈল ৰঙ্গ মন।
লক্ষণক সম্বোধিয়া বুলিলা বচন॥
শুনা শুনা বাপ মোৰ লক্ষ্মণ কুমাৰ।
সীতাক ৰাখিবি ভালে বনৰ ভিতৰ॥
লক্ষ্মণেয়ো বুলিলন্ত বচন বিনয়।
সীতাৰ অন্তৰে মাৱ নকৰিবা ভয়॥
অশ্বিনী কুমাৰ মোৰ নোহো সমসৰ।
একেশ্বৰে জিনিবাক পাৰৰ সুৰনৰ॥
মোহোৰ সদৃশ মাৱ নাহি ধনুৰ্দ্ধৰ।
একেবাৰে হানিবাক পাৰো কোটি শৰ॥
কাল বিকাল মাৰো হেৰা কীৰ্ত্তি থওঁ।
শঙ্কৰৰ হাতৰ ত্ৰিশুল কাঢ়ি লওঁ॥
ইন্দ্ৰৰো বজ্ৰকো মুঠি হানি কৰো চূৰ।
মেৰু মণ্ডৰক তুলি কৰে মষিমূৰ॥
হাতে ধৰি চিঙ্গো চণ্ড বৰুণৰ পাশ।
গদা ভাঙ্গি কুবেৰৰো বদ্ধি কৰো নাশ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৮০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮২
অসমীয়া সাহিত্যৰ চানেকি