পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৯
ৰামায়ণ


পাছে মুখ্য মন্ত্ৰী এক সিদ্ধাৰ্থক নাম।
শুনা নৰেশ্বৰ বুলি দিলা সমিধান॥
গুণৰ সাগৰ ৰাম সৰ্ব্ব জনে হিত।
দেৱ দ্বিজ গুৰু পিতৃ মাতৃত বিনীত॥
সজল কুমুদ প্ৰকাশক দিন ৰাজ।
কোন দোষে ৰামক পঠাৱে বনমাঝ॥
চক্ষু পকাই কৈকেয়ীক বোলে মন্ত্ৰীবৰ।
এই উচিত শাস্তি শুনা নৰেশ্বৰ॥
ৰামৰ লগত সামৰাজ যাউক বনে।
জীৱন্ততে খাউক এইক শিয়ালে শগুনে॥
ৰাজাৰ জীয়াৰী হুয়া ভৈলি নিদাৰুণী।
পতি পুত্ৰ দুইকো খাই যেন ৰাক্ষসিনী॥
এইৰ মুখক দেখিবাকো নোহে ভাল।
আছিকিছো ৰোগ যেন ভৈল গৰ্ভ শাল॥
ৰাজায়ে বোলন্ত শুন নিলাজী পাপিষ্ঠী।
তই হেন চাৰিত মোহোৰ ভৈল দৃষ্টি॥
তই সুখে থাক পুত্ৰে সমে ভুঞ্জ ৰাজ্য।
ৰামৰ সঙ্গতে মই জাওঁ বন মাঝ॥
ৰাম বোলন্ত বাপ নুহি হেন যোগ।
বন্ধু জন পালি থাকা ভুঞ্জি ৰাজ্য ভোগ॥
ঈশ্বৰক ভজি নিজ ধৰ্ম্মক পালিয়ো।
তেজি শোক মোহ বিত্ত্ব বিষ্ণুক চিন্তিয়ো॥
বিশেষতে পুত্ৰ মিত্ৰ যত গৃহবাস।
নুহিকে সাস্বত ইটো মায়াৰ আভাস॥
বশিষ্ঠৰ মুখে শুনিবাহা মহাতথ্য।
আপুনি গুচিবে শোক পাইবা মহাতত্ত্ব॥
হেন শুনি ৰঙ্গ ভৈল ভৰতৰ মাৱ।
বৃক্ষৰ বকলা চয় আনি সেহি ঠাৱ॥
লাজ এৰি বোলয় নিষ্ঠুৰ বৰ কৰি।
চৰ্ম্ম পিন্ধি চল ৰাম বস্ত্ৰ পৰিহৰি॥