সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৮
অসমীয়া সাহিত্যৰ চানেকি।

আথেবেথে গদা ধৰি কোব একদিল।
অগনি উথলি গদা উফৰি পৰিল॥
এতেকেসে ভীমসেন আগে বধ ভৈল।
এক এক কৰি শবে চাৰিকো ছেদিল॥
পৰিলেক চাৰি বীৰ ঘোৰ ব্ৰহ্ম শৰে।
দেখিয়া ত্ৰিদশ দেৱে হাঁহাঁকাৰ কৰে॥
অপাণ্ডৱা বসুন্ধৰী ভৈল আজি ধৰি।
এহি বুলি দেৱ সবে কৰে হৰি হৰি॥
চাৰি ভাই নাশি কালকূট শৰ যাই।
সাগৰত খানি টলে থাকিল লুকাই॥
বৈশম্পায়ন বদতি শুনিও নৰেশ্বৰ।
দেখা কেন অপায় মহন্ত পাণ্ডৱৰ॥
দৈবৰ গতিক কোনে কহিবাক পাৰে।
ঈশ্বৰৰ ইচ্ছা নুবুজয় ব্ৰহ্মা হৰে॥
যাৰ যিবা হুইবে তাক কোনে গুচাইবেক।
ঈশ্বৰৰ ইচ্ছা কিয় বিফল হুইবেক॥
পৰিল পাণ্ডৱগণ দাৰুণ সন্ধানে।
সিন্ধু নৃপতিৰ হিয়া পোড়ে ঘনে ঘনে॥
ভ্ৰাতৃ শোকে শৰীৰ পোড়য় ঘনে আতি।
মনে বিমৰিজি ৰাজা গৈলেক নমাতি॥
প্ৰথমতে অঙ্গৰাজা পাছে কৰ্ণ বীৰ।
মহাৰাজা যুধিষ্ঠিৰ পৰম সুথিৰ॥
ভীম ধনঞ্জয় দুই মহা বলীয়াৰ।
কুন্তীৰ গৰ্ভত পাঞ্চো, ভৈল চমৎকাৰ॥
এতেকে তাহাৰ হৃদয়ত তাপ বৰ।
ঈশ্বৰৰ ইচ্ছা বুজিবেক কোন নৰ॥
বৈশম্পায়ন বোলে কথা শুনা নৰেশ্বৰ।
ইকথা থাকোক পাছ কথা শুনা তাৰ॥
ৰণ জিনি সিন্ধুৰাজা পালটিল আৰ।
পথত ষাহন্তে হিয়া পোড়ে বাৰম্বাৰ॥