পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৯
সিন্ধু-যাত্ৰা।

শুনিয়োক যেন কথা তৈতে আচৰিত।
মহা ভয়ানক যুদ্ধ দক্ষিণ দিশত॥
লক্ষেক নৃপতি সমে কালত্ৰুত বীৰ।
অৰ্জ্জুনে যুঝন্ত তাক সুথিৰ শৰীৰ॥
চাৰিয়ো বীৰক ঢাকি সিন্ধুৰা নৃপতি।
অযুত ভূপাল সমে বহিল তহিতি॥
পৰি আছে চাৰি বীৰ ধৰণী শুহাই।
যেন আকাশৰ চন্দ্ৰ ভূমিত লোটাই॥
আগে যতো অমৃত খুৱাইলে ধৰ্ম্মে গই।
এতেক অস্থিত জীৱ আছিলন্ত ৰৈই॥
বায়ুদেৱে দেখি পাছে গুণিলন্ত মনে।
অস্থিত ৰাখিছে জীৱ নাজানয় কোনে॥
এতেকেসে দশ দিন ৰহিয়া আছিল।
অশ্বিনীকুমাৰে আসি তাহাঙ্ক জীৱাইল॥
ঋষিত পুছন্ত জন্মিজয় নৰপতি।
মিলিল সংশয় গুৰু ছেদিও সম্প্ৰতি॥
কোন কালে সিন্ধু ৰাজা কুন্তীৰ থলত।
কোন সময়ত জন্ম ভৈল কেনমত॥
কিবা হেতু চন্দ্ৰ তান্ত ভৈলন্ত পতিত।
কহিয়োক গুৰু মোক শান্ত হৌক চিত॥
হেন শুনি ঋষিৰাজে থিৰ কৰি চিত্ত।
মহাঋষি ব্যাসে মোত কহিছা বিদিত॥
সেহি গোপ্য কথা ৰাজা কহিবোঁ তোমাত।
আবে দ্ৰোপদীৰ শুনা বিলাপ যিমত॥
ৰণ জিনি সিন্ধুৰাজা তথা নৰহিল।
সকলে জানিল ৰণে পাণ্ডৱ পৰিল॥
দুগোটি মনুষ্য আতি, মহা বিতোপন।
সিদ্ধাঙ্কুৰ আশ্ৰমত ভৈল উতপন॥
বসিয়া আছয় সতী দ্ৰুপদ ঝিয়াৰী।
মহাদুখ মনে বহি আছা বড়নাৰী॥

৪৭