পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৭
সিন্ধু-যাত্ৰা।

খণ্ড খণ্ড ভৈল আকাশৰ মেঘগণ।
তাপহিন ভৈল মহা ৰবিৰ কিৰণ॥
দেৱগণে হাহাকাৰ কৰে নিৰন্তৰ।
কিনো কালকূট শৰ মহা ভয়ঙ্কৰ ॥
বৈশম্পায়ন বদতি শুনিও জন্মিজয়।
মহাক্ৰোধে সিন্ধুৰাজে শৰ যুৰিছয়॥
সুৰ নৰ নাগ দেৱতাৰ ভয় বৰ।
লোক সংহৰিবে যেন ৰূদ্ৰ ৰূপে হৰ॥
দেখি পাণ্ডৱৰ মহাভয় ভৈলা মনে।
যুধিষ্ঠিৰ কৃষ্ণক স্মৰন্ত ঘনে ঘনে॥
আমাসাৰ মৃত্যু আসি ভৈল সন্নিহিত।
কম্পি কম্পি ধনুশৰ এৰিলা তহিত॥
সেহি বেলা অঙ্গৰাজ্য কুন্তীৰ তনয়।
শৰ হানিবাক একো সন্ধি নাপাৱয়॥
কাম্পয় ধৰণী খন স্থিৰ নলৱয়।
সাগৰত নাৱ যেন বতাসে কাম্পয়॥
সিন্ধুৰাজা বোলে শুন অৰে পাণ্ডুগণ।
নুযুঝিয়া কেনে তোৰা কৰস বিমন॥
কাত গহে মোৰ সবে সৈন্যক মাৰিলি।
সিংহৰ আগত আবে শৃগাল মিলিলি॥
তোমৰা সবৰ আজি গৰ্ব্ব কৰো ঠাই।
ভ্ৰাতৃক মাৰিয়া মোৰ বৰ পাইলি লাই॥
এহি বুলি মহা কোপে আতাসক দিলা।
ক্ৰৌঞ্চ ভেদিবাক যেন ত্ৰিশূল ধৰিলা॥
আকৰ্ণ পুৰিয়া ধনুখান আঞ্জুৰিল।
নাৰায়ণ মন্ত্ৰ পঢ়ি শৰ প্ৰহাৰিল॥
পৃথিবীৰ লোকৰ কৰ্ণত দিলে তাল।
চমকিয়া গৈল সবে সপত পাতাল॥
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত সিদ্ধ মুনিচয়।
দেখি ভীমসেনে আতি ভৈলেক বিস্ময়॥