লহলহ জিহ্বা কৰে বাসুকি সমান।
যটায়ু পক্ষীৰ পাখি চাহিলা সন্ধান॥
নাৰায়ণ মন্ত্ৰ সেহি পক্ষত লিখিল।
সাত ধাতু দিয়া শৰ চৈতন্য কৰিল॥
কতো কাল আছে সেহি ঋষিৰ থানত।
ৰাম ৰূপে বিষ্ণু দশৰথৰ গৃহত॥
বিশ্বামিত্ৰ ঋষি তান গৃহত আসিল।
যজ্ঞ ৰাখিবাক ৰাম লক্ষণক নিল॥
সেহি শৰ ঋষিৰাজে ৰাঘৱক দিল।
মহীমা কহিয়া তান মন্ত্ৰক শিখাইল॥
শুনা ৰাম ইতো শৰ ত্ৰিভুবনে জয়।
নৰ নাৰায়ণ বিনে সবাক মাৰয়॥
ইতো দুইত মাত্ৰ নুযুৱায় ইতো শৰ।
নাৰায়ণ মন্ত্ৰ দেখা পখাৰ উপৰ॥
এহি শৰে শত্ৰু ৰাক্ষসক সংহৰিবা৷
পাছে ইতো শৰ পাট লক্ষণক দিবা॥
পাছে ৰামে ৰাক্ষসক মাৰি অনন্তৰ।
লক্ষণক সেহি শৰ দিলা ৰঘুবৰ॥
অসংখ্যাত ৰাক্ষসক লঙ্কাত মাৰিল।
কতোকাল লক্ষণৰ তোনত আছিল॥
শ্ৰীৰামৰ আজ্ঞায়ে লক্ষণ স্বৰ্গে গৈল।
খাইবাক নাপাই শৰ মহাদুখে ৰৈল॥
কতে দিনে বিশ্বামিত্ৰ থানত চলিল।
ঋষিক সম্বোধি পাছে বুলিবাক লৈল॥
শুনিয়োক দেৱ মই দিওঁ পৰিচয়।
তোমাৰ নিৰ্ম্মিত কালকূট শৰ ময়॥
শ্ৰীৰাম লক্ষণ দুই ব্ৰহ্মচাৰী ভৈল।
যত অস্ত্ৰ শস্ত্ৰমানে সবাকো ত্যজিল॥
কোন থানে যাওঁ আমি নাজানো উপায়।
তোমাৰ থানত থাকো হেন ইচ্ছা যায়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৪
অসমীয়া সাহিত্যৰ চানেকি।