হেন শুনি বিশ্বামিত্ৰে দিলেক উত্তৰ।
শুন কালকূট শৰ পৰম বৰ্ব্বৰ॥
আগে দত্তভাৱে দিয়া পাছে তাক লয়।
কৃতঘ্ন পাতক বুলি তাহাকে কহয়॥
আগে ৰাম লক্ষণক কৰি আছোঁ দান।
আবে কেন মতে তই থাক মোৰ থান॥
যৈক মন তৈক যাহা গুচমোৰ ঠাই।
ঋষি বাক্যে শৰ পাত আসিলা দুনায়॥
মহামনদুখে শৰে থাকে নিৰাহাৰে।
তীৰ্থ স্নানিবাক মন কৰিলা সত্বৰে॥
সমস্ত তীৰ্থক সিতো স্নানিয়া ফুৰয়।
কতো কালে পাইল ভাগীৰথীৰ নিলয়॥
স্নান কৰি ৰহিয়াছে তাহাৰ তীৰত।
দেখি শশধৰে পাছে গুণিল মনত॥
কালকূটে নামে ইতো ৰাঘৱৰ শৰ।
আক সৃজি আছে বিশ্বামিত্ৰ মুনিবৰ॥
পৰম দুৰ্জ্জয় শৰ সৰ্ব্বলোকে জানে।
তাক আনি ৰক্ষা কৰি থও মোৰ থানে॥
এহি গুণি নিশানাথে তথাকে আসিল।
শুন কালকূট বুলি বুলিবে লাগিল॥
কৈকলাগি যাহা তয় কিবা তোৰ ভৈল।
শুনি কালকূট শৰে বুলিবেক লৈল॥
শুনা দেৱৰাজ মোৰ বড় অথন্তৰ।
লক্ষণে এড়িলে মোক ভৈলো একেশ্বৰ॥
খাইবাক নাপাই শৰে শৰীৰ শুকাই।
তীৰ্থ স্নান কৰি ফুৰো স্বৰ্গে কামনায়॥
বোলন্ত ৰজনীনাথ থাক মোৰ ঠাই।
যেহি লাগে সেহি দিবো বুজি অভিপ্ৰায়॥
হেন শুনি কালকূট ৰঙ্গমন ভৈল।
তাসম্বাক লাগি পাছে স্বৰ্গক চলিল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৫
সিন্ধু-যাত্ৰা।