পুনৰপি শৰ পাছে গুণত যুৰিল।
সিংহনাদ কৰি ভীমসেনক হানিল॥
শৰে ফুটি ভীমসেন পৰিলা মহীত।
হেন দেখি তিনি বীৰে ধাইলেক তহিত॥
অযুতে নিযুতে শৰ প্ৰহাৰ কৰিল।
নিসন্ধি কৰিয়া সিন্ধু ৰাজাক ফুটিল॥
ঘোৰ সন্ধানত ৰাজা ব্যথিত শৰীৰ।
ৰথ হস্তি সকলক কৰিলেক চূৰ॥
সেহিবেলা বৃকোদৰ চেতন লভিল।
বায়ুক প্ৰণামি ঘোৰ গদাক ধৰিল॥
মহাকোপে খেদি যাই গদাক উছায়।
অসংখ্যাত হস্তীচয় মাৰিলা কোবাই॥
গিৰিস গিৰিস কৰি পড়ে হস্তীগণ।
দেখি নৃপতিৰ খঙ্গে নসহয় মন॥
বৈশম্পায়ন বদতি শুনিও জন্মিজয়।
পাণ্ডৱৰ মৃত্যু আসি মিলিলেক তয়॥
সেহি বেলা সিন্ধুৰাজা মনত পৰিল।
শত্ৰু সৈন্য মাৰিবাক চন্দ্ৰে যাক দিল॥
পাণ্ডৱৰ বধ হেতু চিন্তিয়া মনত।
সেহি শৰ পাট আছে মোহোৰে তোনত॥
মহাভয়ানক শৰ মূৰ্ত্তিমন্ত আকৃতি।
সিন্ধু ৰাজা তাহাক পূজন্ত দিনে ৰাতি॥
জন্ম কথা কহো শুনা শৰ যে পাটৰ।
বিশ্বামিত্ৰ নামে ঋষি গাধিৰ কুমৰ॥
পৰম তেজস্বী আতি পৰম প্ৰতাপ।
তেহোঁ পূৰ্ব্বে নিৰ্ম্মিয়া কৰিলা শৰ চাপ॥
ৰাক্ষস সকলে কৰে যজ্ঞ বিধ্বংশন।
নিৰ্ম্মিলন্ত শৰপাত পৰম শোভন॥
আপোনাৰ তেজ যেন পৰম দুৰ্ব্বাৰ।
চাৰিখান মুখ সিন্ধু বৰ্ণ জিহ্বা তাৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৩
সিন্ধু-যাত্ৰা।