পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬০
অসমীয়া সাহিত্যৰ চানেকি।

এহি কথা ঘুষিলন্ত দেৱ নিৰন্তৰ।
তিনি বীৰে চাপিলন্ত ভীমৰ ওচৰ॥
কেঙ্কায়া পৰিছে ভীম উৰ্দ্ধমুখ হুই।
সাবটি ধৰিলে পাছে ছোট ভাতৃ দুই॥
শৰ কাঢ়িলন্ত সহদেৱ মহাবলী।
তেজ ধাৰা তাহাৰ বহয় হলাহলি॥
কতক্ষণে শান্তি পায়া কুন্তীৰ কুমাৰ।
ধৈৰ্য্য ধৰি বহিলন্ত দেখি অন্ধকাৰ॥
দুই দণ্ড মানে স্বস্থ ভৈল কলেবৰ।
ৰজাক প্ৰণামি বুলিলন্ত বৃকোদৰ॥
আব ক্ষণিকতে দদা মোৰ প্ৰাণ যাই।
কিবা কোনো কাক নিচিনো উপায়॥
দুৰ্জ্জয় সিন্ধুবা ইটো বীৰ মধ্যে সাৰ।
তাহান সমান বীৰ নাহি বলীয়াৰ॥
ভাল মতে ইহাক যুঝিবে লাগে ৰণে।
চাৰি ভাই মাৰি যাইবো যমৰ কাৰণে॥
এহি বুলি কতো বীৰ থিৰ কৰি মন।
চাৰি বীৰে পুনৰপি কৰিল গমন॥
কতোবেলি সিন্ধুৰাজা মন থিৰ কৰি।
সুস্থ হুয়া পুনৰৰি ধনু শৰ ধৰি॥
চাৰি দণ্ড মানে ৰাজা মন কৰি থিৰ।
মহাকোপে ধনুখান ধৰিলা সুথিৰ॥
চাবুক ধৰিয়া ৰথ সাৰথি ডাকয়।
মাহুতে খুম্পিলে হস্তিগণে খেদি যায়॥
বাৰিষাৰ মেঘে যেন গৰ্জ্জে ঘনে আতি।
মহাকোপে খেদি যায় অনেক পদাতি॥
বৈশাম্পায়ন বদতি শুনিয়ো জন্মিজয়।
এহিমতে সিন্ধুৰাজা গৰ্জ্জিয়া খেদয়॥
দেখি চাৰি বীৰে পাছে গৈলা আগুৱাই।
যুগপক লাগি যেন মত্ত সিংহে ধায়॥