সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬১
সিন্ধু-যাত্ৰা।

আগ বাঢ়ি ভীমে পাছে গদাক উছায়।
সিন্ধু নৃপতিক মহা খঙ্গে খেদি যায়॥
দেখ নেদেখ বেগে সন্নিত চাপিয়া।
কোবাইবে লাগিলা ঘোৰ গদাক উছায়া॥
সিন্ধুৰাজা মহাকোপে শৰ বৰষিল।
নাকে মুখে ভীমক যে সন্ধানে ফুটিল॥
নকুল সহদেৱে ঘোৰ শৰ প্ৰহাৰিল।
সিন্ধু নৃপতিক দুয়ো সন্ধানে শালিল॥
সিন্ধু নৃপতিয়ো অসংখ্যাত শৰ হানি।
চাৰিও বীৰক পাছে প্ৰহাৰিলা টানি॥
কাটন ফুটন শৰ মহা তীক্ষ্ণতৰ।
ছুইলে প্ৰাণ হৰে অল্পস্বত্ব মনুষ্যৰ॥
হেন শৰ চয় বীৰে হানে নিৰন্তৰ।
মেঘে যেন বৃষ্টি কৰে শ্ৰাবণ মাসৰ॥
পাছে তিনি বীৰে শৰ প্ৰহাৰ কৰিল।
সাৰথি ৰথক দুইকো নিসন্ধি ফুটিল॥
প্ৰচণ্ড শৰৰ ঘোৰ সন্ধান ডাঙ্গৰ।
পাখাময় ভৈল নৃপতিৰ কলেৱৰ॥
ঢলো পৰো কৰে যেন চেতন নকৰে।
দেখি আনো বীৰ সবে ধাইলেক সত্বৰে॥
মহা ঘোৰ সমৰ মিলিল ভয়ানক।
চাৰিয়ো বীৰক ৰজাৰ শৰে ঠাসিলেক॥
ছোট পায়া চাৰি বীৰে মহা কোপ মনে।
আকাশক ঢাকিলেক ঘোৰ শৰগণে॥
ৰবিৰ কিৰণ ঢাকি অন্ধকাৰ কৈল।
সিন্ধুৰাৰ দল কাকো কেৱে নেদেখিল॥
তমোময় হুয়া আছে চাৰি দণ্ডমান।
বীৰগণে ছেদিলন্ত পাণ্ডৱৰ বাণ॥
দশোদিশে প্ৰসন্ন ভৈলেক নিৰন্তৰে।
পাণ্ডৱগণক বিদাৰন্ত মোৰ শৰে॥