যেহি যেহি শৰ সিন্ধু নৃপতি প্ৰহৰয়।
সেহি সেহি শৰ ভীমে ছেদিয়া পেলায়॥
এহি মতে দণ্ড চাৰি মান যুদ্ধ ভৈল।
দেখি সিন্ধু নৃপতিৰ বিস্ময় মিলিল॥
মহাকোপে ক্ষুৰপতি বাণ প্ৰহাৰিল৷
এক বাণে ভীমৰ ধনুখান কাটিল॥
আৰ দুই পাত শৰ পৰম সন্ধানে।
ভীমৰ হিয়াত ভেদিলেক বড় টানে॥
পুঙ্খমানে তল গৈল ছোট পাইল বড়।
ঢলো পলো কৰে বীৰ নাপাৱসন্ত থৰ॥
কাম্পয়ো কদলী যেন প্ৰচণ্ড বাতাসে।
নাক মুখে ৰুধিব চাঁদয় বৰ ত্ৰাসে॥
সিন্ধু নৃপতিক সামৰাজে বখানয়।
তাহাৰ প্ৰহাৰে ভীম যমক চলয়॥
হেন দেখি তিনি বীৰে দূৰে চাহি আছে।
আগ বাঢ়ি শৰ সব প্ৰহাৰিলা পাছে॥
নকুল সহদেৱ যুধিষ্ঠিৰ বীৰবৰ।
তিনি বাবে অসংখ্যাত প্ৰহাৰিলা শৰ॥
সিন্ধু নৃপতিৰ সবে শৰীৰে ফুটিল।
বসন্ত কালত যেন পলাশ ফুলিল॥
হস্তী সকলক বৰ ছোট দিলা টানে।
পাক ফুৰে ৰথখান দাৰুণ সন্ধানে॥
লাল কাল হুয়া ৰথ সাৰথি পৰিল৷
সহস্ৰেক গজমান ৰথ হুহঁকিল॥
সিন্ধু নৃপতিৰ গাৱ নুহিকয় থিৰ।
ব্যামোহে যমক দেখিলন্ত মহাবীৰ॥
আকাশ ঢাকিয়া দেৱ মহীমা বহয়।
ধন্য ধন্য তিনি বীৰ পাণ্ডৱ তনয় ॥
সিন্ধু ৰাজা ধৰে যুঝে আৰা ভূমি পাৱে।
বিষম সমৰ হেন নাহি একো থাৱে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৯
সিন্ধু-যাত্ৰা।