কতো বেলি মানে পাছে দেখা দেখি ভৈল
বাদ্য ভাণ্ড বোল মহা উথলিয়া গৈল॥
এক মহা মেড়ত উঠিয়া বঘাসুৰ।
ধৰিলক মৰা শ্ৰীক পৰম দন্দুৰ॥
অসংখ্যাত বীৰগণ যোগান ধৰিয়া।
মহাবেগ কৰি যায় মৰিবে লাগিয়া॥
অনন্তৰে বীৰ সব দেখি পাণ্ডৱক।
ধৰ মাৰ কৰি সবে দিল অস্ত্ৰ ঝাক॥
সহদেৱ নকুলে ধাইলেক একেবাৰে।
হানিলেক শৰ সৰ অতি চমৎকাৰে॥
কাটিলেক শৰ সব মহা বেগে অতি।
নিশাচৰ বলে দেবে কৰে মহামতি॥
প্ৰচণ্ড প্ৰতাপ দুয়ো মাদ্ৰীৰ কুমাৰ।
ৰাক্ষসৰ সৈন্যগণ মাৰিলা অপাৰ॥
শত সহস্ৰেক মাৰে নাহি পৰিমিত।
নানা আৰ্ত্তবাদ বুলি পড়ে ধৰণীত॥
বৰ বৰ বীৰ মাৰিলেক বহুতৰ।
পছি গুছি যায় সবে নপাৱে ওচৰ॥
লক্ষে লক্ষে হাজাৰে হাজাৰে সংহৰিলা।
প্ৰলয় কালত যেন ৰুদ্ৰে বিনাশিলা।
হেন দেখি বঘাসুৰ ভৈলেক বিমন।
প্ৰজাৰ বিপত্তি দেখি নৰহে জীৱন॥
মহা কোপে ধনু ধৰি মেড়ে দিলা ছুটি।
কপোতক দেখি যেন শ্যেন গোট উঠি॥
নকুল সহদেৱকো ভেদিল ঘোৰ শৰে।
ঘোৰা সাৰথিকো থাসিলেক নিৰন্তৰে॥
ঝমক দেখিয়া দুয়ো ৰথতে পড়িল।
দেখি ধনঞ্জয় বীৰে খেদি ৰণ দিল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৬
অসমীয়া সাহিত্যৰ চানেকি।