পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৫
বঘাসুৰ বধ।

সহদেব বদতি শুনিয়ো নৰবৰ।
কালি বঘাসুৰ মৰি যাবে যমঘৰ॥
ৰাক্ষস কুলৰ কালি হৈবেক উচ্ছন্ন।
দেবাসুৰ জগতৰে পূৰ হৈবে মন।

হেন শুনি ভীমসেনে বুলিলা বচন।
সাধু মোৰ ভ্ৰাতৃ কহিলাহা যি কাৰণ॥
সকল দেৱৰ কাৰ্য্য কালি সিদ্ধি হৈব।
তিনিয়ো লোকৰ মহা দুৰ্গতি খণ্ডিব।।

এহি মতে আনো নানা কহি কথা মাত।
কৌতুকতে ৰাত্ৰি বহি গৈলন্ত তথাত॥
শেষ ৰাত্ৰি দুই দণ্ডে স্নান পান কৈলা।
ভগনীয়া সেনাগণ হুসকি চলিলা॥

চাৰি নাগ ৰথ সমে তাৰ সব ৰৈলা।
সহস্ৰেক মানে প্ৰজা তথা আসি ভৈলা॥
পূৰ্ব্বদিশি কাক ৰতে কোকিল নাদয়।
অনন্তৰে ভগৱন্ত আদিত্য উদয়॥

দেৱতাৰ ৰথক সাদৰি চাৰি বীৰ।
ৰথে উঠি চলিলন্ত নিৰুজ শৰীৰ॥
দশোদিশ প্ৰসন্ন আনন্দ মন প্ৰাণ।
কৃষ্ণক সুমৰি চলি যায় বিদ্যমান॥

সুমঙ্গল কহে দক্ষিণ স্পন্দয়।
আকাশত দেৱ বাদ্য চানিয়া বাজয়॥
জয় জয় শবদ শুনিয়া আলোকিত।
দেখি চাৰি বীৰৰ কৌতুক কৰে চিত্ত॥

সিংহ নাদ কৰি ৰথ আগ বাঢ়ি যায়।
বেণু ৰেণু দেখিলন্ত সৈন্য আগুৱায়॥
ধৰ ধৰ ধৰ তোল কৰে কোলাহল।
কালি পিম্পৰাৰ সম দেখি মহাবল॥

৪৪