পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৭
বঘাসুৰ বধ।

বাচি বাচি শৰ সব প্ৰহাৰ কৰিল।
বঘাসুৰ ৰাক্ষসক নিসন্ধি ভেদিল॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
অৰ্জ্জুনৰ শৰে তাৰ চালকো ভেদয়॥

তাৰ বানে হলহলি ভেদে পাণ্ডৱক।
শৰ ঘাৱে কুন্তীসুতে দেখয় ঝমক॥
মনত বোলন্ত কিনো অতি আচৰিত।
মোৰ বানে ৰাক্ষস জীৱয় বিপৰীত॥

এহি বুলি চাৰি পাত খুৰপতি শৰ।
মহাবেগে হানিলেক কৰি খৰতৰ॥
এক শৰে ধনুখান হাততে কাটিল।
ঘোৰ বাৱ তেজি সিতো ভূমিত পৰিল॥

ডেৱ দিয়া বঘাসুৰ অন্তৰি ৰহিল।
আথবেথ কৰি সিতো পৰিঘ ধৰিল॥
মাৰো মানুষিয়া আজি বুজ মোৰ বল।
এহি বুলি হানিলেক পৰিখ নিষখল॥

দেখি ধনঞ্জয়ে নিৰুতিৰ শৰ হানি।
কাটিলা পৰিঘ অস্ত্ৰ দূৰতে প্ৰমাণি॥
দেখিয়া ৰাক্ষসে চণ্ডনাদ কৰি আতি।
ধৰিল ত্ৰিশূল অস্ত্ৰ অৰ্জ্জুনক প্ৰতি॥

যদি এহি ত্ৰিশূলে ৰহয় তোৰ প্ৰাণ।
তেবে মোৰ মৰণ হৈবেক বিদ্যমান॥
ত্ৰিশূলক ক্ষেপি দুষ্টে আক্ৰান্ত কৰয়।
অন্ত কালে ৰুদ্ৰে যেন প্ৰজা সংহৰয়॥

মহাবহ্নি জ্বলে তাৰ মুখ তিনি খান।
মূৰ্ত্তিমন্ত শূল তাক দিয়াছে ঈশান॥
সেহি বেলা শূল পাত হাতে তুলি গৈলা।
ত্ৰিদশ দেৱতা সবে মহা ভয় ভৈলা॥