ভকৰ ভকৰ কৰি অগনি উধায়।
চন্দ্ৰ তাৰা গ্ৰহ গণ খসি খসি যায়॥
অৰ্জ্জুনৰ বধ হেতু দেখি দেৱ চয়।
সিদ্ধ মুনি গণে ধৰ্ম্ম ধৰ্ম্ম সুমৰয়॥
মাধৱৰ প্ৰিয় সখা ভক্ততত্ত্ব পৰ।
বাচিয়া লৈলন্ত মহা দিব্য ব্ৰহ্ম শৰ॥
কৃষ্ণৰ প্ৰসাদে বীব বৃদ্ধি নঘটিল।
শকতিক লাগি শৰ প্ৰহাৰ কৰিল॥
শক্তি গোট কাটি বহ্নি উত্থালিয়া গৈল।
মহাবেগ ধৰি বান পাট চলি গৈল॥
তাহৰি গলত পৰি কাটি হুয়া মুৰি।
টোন পশিলা আসি বেগে পাক ফুৰি॥
সিবেলাত অস্তঙ্গত ভৈল দিবাকৰ।
পালটিল বঘাসুৰ সৈন্যৰ ভিতৰত॥
সজাই মেড় গোট আনি দিলেক বাহন।
অসংখ্যাত বীৰ সবে ধৰিলা যোগান॥
পসৰ কৰিয়া দিশ মতাৰ অগনি॥
ৰাক্ষসৰ বীৰগণ হৰিলেক চানি॥
মনত জানিল মোৰ মৰণ মিলিল।
মদ্য মাংস শাক অন্ন দুঃখতে ভুঞ্জিল॥
পাণ্ডুপুত্ৰ সব আসি একস্থান ভৈলা।
যিবা বস্তু আছে তাকে ভোজন কৰিলা॥
শৰ কাঢ়ি ঘোৰা ৰথ সাৰথি গাৱৰে।
সহস্ৰেক মানে লোকে আবৰিয়া ধৰে॥
সবাৰো মনত বৰ সংশয় আছয়॥
কিবা বঘাসুৰ বধিবাক নপাৰয় ॥
সহদেৱ সবাহাৰে ভয় জানি আতি।
কহিবে লাগিলা কথা অৰ্জ্জুনক মাতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
অসমীয়া সাহিত্যৰ চানেকি।