অৰ্জ্জুনে বোলন্ত আজি তোক দিবো সেক।
এহি বুলি কাল কুট শৰ হানিলেক॥
শৰ পট গৈয়া ধনু খান ছেদিল।
গল গোট ছেদি বাকবলে নপাৰিল।
বাহুত মেড়কো দুইকো কাটিয়া পেলাই।
বঘাসুৰ দৈত্যক পেলাইলে বগৰাই॥
তাহাৰ ওপৰে পড়িলেক মেড় গোট।
বাগৰিয়া গৈল সিতো পায়া মহা ছোট॥
বোলন্ত পাণ্ডৱে কথা ভাল নাহিকয়।
কাল কুট শৰ ঘাৱে ৰাক্ষস জীৱয়॥
এহিমতে খানিতেক পড়িয়া আছিল।
গুঞ্জ হেন চক্ষু কৰি বেগে থিয় দিল॥
বাহন গোটক দুয়ো হাতে তুলি লৈলা।
পাণ্ডৱক লাগি কোপে হানিয়া পাঠাইলা॥
যেহেন পৰ্ব্বত খণ্ড বায়ু লৈয়া যায়।
বিম্বাদ শবদে যায় আকাশে শোষায়॥
জগতে বোলয় মৰে কুন্তীৰ তনয়।
হেন দেখি অৰ্জ্জুনে হানিলা শৰচয়॥
এক পাত শৰ হানি তাহাক ছেদিল।
খণ্ড খণ্ড হুয়া সিতো ভূমিত পৰিল॥
হেন দেখি মহা কোম্পে ৰাক্ষস কিটায়।
থাক থাক বুলি মাতে অৰ্জ্জুনক চায়॥
খানিকতে ৰহ ৰহ কৰিবোহোঁ কাল।
এহি বুলি ধৰিলেক শকতি বিশাল॥
বালক কালতে তাক হৰে দিয়াছয়।
যাক দেখি ঐৰাৱতে ইন্দ্ৰ পলাৱয়॥
হেন শকতিক পাছে বেগে তুলি ধৰি।
আতাসেক দিয়া হানিলেক টান কৰি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৩
বঘাসুৰ বধ।