পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৭
বঘাসুৰ বধ।

ৰাম ৰাম উচ্চৰিয়া ৰথক ঢাহিলা।
যমৰ দিবাৰ বৰ মুষল দেখিলা॥

ধনু এড়ি ডেৱ দিয়া মুষল লৈলন্ত।
“হু” বুলি মহাবেগে কোবেক দিলন্ত॥
ভাগিলেক শূল পাত অগ্নি উথলিল।
দেখি দুষ্ট বঘাসুৰে বিষাদ কৰিল॥

পুনুৰপি শৰগণ প্ৰহাৰ কৰিল।
অৰ্জ্জুনৰ শৰীৰ নিসন্ধি বিদাৰিল॥
শৰময় ভৈল বীৰ বহৱে ৰুধিৰ।
শৰ বিষে ধনু ধৰিবাক নোহে থিৰ॥

সাৰথি ঘোৰাকো থাসিলেক নিৰন্তৰ।
ঘূৰৈ নৱ খান যেন বেগত জলৰ॥
দূৰ হন্তে চাহি আছে মাদ্ৰীসুত দুই।
ৰাক্ষসৰ হাতে অৰ্জ্জুনৰ মৃত্যু হুই॥

মহাবেগে শৰ সব প্ৰহাৰ কৰিল।
নাকে মুখে ঝক ঝকে নিসন্ধি ভেদিল॥
শৰ হানি বাক সিতো ছেগ নপাৱয়।
তেজ বহে সকল শৰীৰ পখাময়॥

বাহনকো ভেদিলন্ত মহাদূঢ় শৰ।
হুসকিয়া যায় সিতো দেখি অন্ধকাৰ॥
শৰৰ বিষত দুষ্টে ঝমক দেখয়।
পুনু পুনু দুয়ো বীৰে প্ৰহাৰ কৰয়॥

সুমৰিয়া নিজৰ পূৰ্ব্বৰ মৃত্যু কথা।
আমাকে বিন্ধয় একো নচাৱয় তথা॥
হেন দেখি তাৰ যেবে দুই সেনাপতি।
মহিষ যানত দুয়ো কৰি আছে গতি॥

৪৩