বাজাৰ বিপত্তি দেখি আগ বাঢ়ি আসি।
হানিলা প্ৰচণ্ড শৰ দিশক প্ৰকাশি॥
আইস বুলি বৃকোদবে দুইহাঙ্কো ভেদিল
নিসন্ধি কৰিয়া বৃকোদবকো হানিলা॥
নাকে মুখে ললাটে ভেদিলে বায় সুত।
বোলে মোক চমক লগাইল বৰ দ্ৰুত॥
ধনু যুদ্ধে আক মই নকৰো সমৰ।
এহি বুলি একেডেৱে নামিলা ৰথৰ।
নগণিয়া শব ঢয় মৰোঁ জীৱোঁ কৰি।
কোবাইবে লাগিলা হাতে ঘোব গদা ধৰি॥
দুই সেনাপতি পাচে হুসকিয়া যায়।
দেখি অন্য বীৰগণ কোপে আগে ধায়॥
প্ৰহাৰয় বানগণ কাটন ফুটন।
ধনঞ্জয় বীৰো যেবে ভৈল সন্ধুক্ষণ॥
নকুল সহদেৱ দুয়ো পাছক নটাই।
ছেদি ভেদি নেন্ত সব যান্ত ৰথবাই॥
ৰহিলন্ত পাচ গুচি বায়ুৰ কুমাৰ।
দুয়ো সেনাপতি পুনৰপি দিলে ধাৰ॥
মাদ্ৰীসুত দুয়ো বীৰে দুহাঙ্কো যুঝায়।
দুতয় মহিষ তাৰ দেখি লাগে ভয়॥
আকাশক লঙ্ঘি আছে শৃঙ্গ তীক্ষ্নতৰ।
মক্ষিকা দোহাৰ কৰে হাত শতেকৰ॥
বিদৰ্শন বীৰ আতি সমৰে প্ৰখৰ।
নকুলক হানিলেক দশ পাট শৰ॥
চাৰি পাট নকুলৰ হিয়াত পৰিল।
এক পাটে ধনুখান হাততে কাটিল॥
আৰু চাৰি বান চাৰি ঘোৰাক মাৰিল।
এক বানে সাৰথি গোটক বিদাৰিল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৮
অসমীয়া সাহিত্যৰ চানেকি।