সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৬
অসমীয়া সাহিত্যৰ চানেকি।

তাহান আদেশে বিৰচিলো পদ,
 ইতো বঘাসুৰ বধ।
কৃষ্ণে যেন মতি  দিলা তেন ভৈল,
 তাহানে চৰিত্ৰ পদ॥
বিষ্ণু বৈষ্ণৱব নাহিকে অন্তৰ,
 সকলে বেদে কহয়।
এহি তত্ত্ব বাণী মনে অনুমানি,
 সবে কৰা জয় জয়॥

বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
বোলা বুলি কৰি আসি চাপিল ওচৰ॥
দক্ষিণ অয়ন গুচি উত্তবাৰ্ক ভৈল।
সেহি বেলা মহা ঘোৰ সমব মিলিল॥

আগ বাঢ়ি অৰ্জ্জুনক শৰ ঝাক দিল।
হেন দেখি অৰ্জ্জুনেও শৰ প্ৰহাৰিলা॥
দুইৰো শৰ একস্থানে নাশ হুয়া গৈল।
দেখি ৰক্ষসৰ মহা কোপ জ্বলি গৈল॥

প্ৰচণ্ড দাৰুণ শৰ পুনু প্ৰহাৰয়।
আলগতে কুন্তী সুতে তাহাক ছেদয়॥
এহি মতে চাৰি দণ্ড মানে যুজি আছে।
খঙ্গে নিশাচৰে বোলে শূল মাৰোঁ পাছে॥

এহি গুণি শূল হানিবাৰ মন কৈল।
পৰম ক্ৰোধত তাৰ বুদ্ধি নাশ ভৈল॥
ধনুতে যুৰিয়া প্ৰহাৰিলা শূল বৰ।
অৰ্জ্জুনেও তাহাক হানিলা দিব্য শৰ॥

শূলত লাগিয়া বন উফৰি পৰিল।
ধনঞ্জয় বীৰ বৰ মনত ডৰিল॥