শুন অবে মানুষিয়া মৰিবাক লাগি কেন,
আমাক ঝোঙ্কাস ইঠাৱত।
আগে চাৰি গোট যিতো মনুষ্য আসিল তাক,
যমপুৰে পঠাইলো নিশ্চিত॥
তোবা কোন চাৰিজন ইতো স্থানে আসি আছা
কহ আগে যত পূৰ্ব্বাপৰ।
আমাৰ হাতত কেনে মৰিবাক আসিলাহা,
পালটি চলিয়ে নিজ ঘৰ॥
হেন শুনি আঠো জনে জঙ্ক পাৰি হাসিলন্ত,
বঘাসুৰে বৈলক্ষ্য লভিল।
আগিবাঢ়ি ধনঞ্জয়ে তাহাৰ মুখক চাহি,
মৰ্ম্মভেদ বচন বুলিল॥
শুন দুষ্ট বঘাসুৰ নিচিনস কত দূৰ,
তিনি পক্ষ ৰাক্ষসৰ যত।
মহা মহা বীৰ চয় চলি গৈল যমালয়,
ভ্ৰাতৃ পুত্ৰ সবে ভৈল হত॥
বৰাহ ৰথক ভাঙ্গি তিনিবাৰ তোৰ শিৰ,
ছেদি কৈলো দাৰুণ মহত্ত্ব।
দ্বাৰ ভাঙ্গি সৈন্য মাৰি বৈদ্য কাটি আসি আছোঁ,
আমাক নিচিন কেনমত॥
ইয়ো কথা সত্য হয় মৰণ বেলাত চক্ষু,
ৰশ্মি হীন হোৱে সমস্তৰ।
যত যত পাপ তই কৰি আছা দুৰ্ব্বিনয়,
তোৰ মৃত্যু চাপিল ওচৰ॥
নতু শুন পৃথিবীত মহাৰাজা যুধিষ্ঠিৰ,
পাণ্ডুৰ তনয় ধৰ্ম্মমতি।
চাৰি ভ্ৰাতৃ সমে তেহো বহ্মক্ষেত্ৰে আসিছয়,
তোৰ কাল কৰিবাক প্ৰতি॥