এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৪
অসমীয়া সাহিত্যৰ চানেকি।
দেখ পাপী বঘাসুৰ নকুল সহদেৱ দুই
সোই ৰাক্ষসৰ ধূমকেতু।
মোক চিন ধনঞ্জয় নিশাচৰ বিনাশক,
এন্তে ভীম তোৰ মৃত্যু হেতু॥
যতেক মানুষগণ মাৰিয়া আনিলে যিবা,
সেহি সব ৰাক্ষস নাশিব।
সকল কুলবে চেটা ধূমকেতু ভৈলি তই,
তোৰ গুণে সবে নষ্ট হৈব॥
সৰ্ব্বকুল বিনাশক চাহিবাক যোগ্য নয়,
অস্ত্ৰ হানি নিজে তই মৰ।
তোক মাৰি নিৰন্তৰে লোক সব উদ্ধাৰিব,
আৰু আজি জানিবি বৰ্ব্বৰ॥
⸻ দুলড়ী।
হেন শুনি ক্ৰোধে ফোকাৰি বোলয়,
বঘাসুৰ মত্ত সিংহ।
অৰ্জ্জুনক চাহি গৰ্জ্জিতে লাগিল,
দিয়া আতি ঘোৰ ৰিঙ্গ॥
হা' অৰে মায়াবী মানুষিয়া তোৰ,
একো মতে লাজ নাই।
কাটিবাৰ বুলি আমাৰ আগত,
ফুৰস গাৱ ঘেলায়॥
ৰাত্ৰি চুৰি কৰি মাৰিলিহি সৈন্য,
কাটিলিহি বৈদ্যগণ।
কৰ্ণ কুণ্ডল কাৰ্টিয়া নিৱয়,
চোৰৰ হেন লক্ষণ॥