পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩২
অসমীয়া সাহিত্যৰ চানেকি

পাৰ্ব্বতী বোলয় মই পালো পৰিমাণ।
তোমাৰ খেতিৰ প্ৰভু এহিমান ধান॥
ভোলানাথ তোমাৰ গাৱত নাহি তত।
খেতিৰ চাউল খাইবে নাহি কপালত॥
হেন শুনি মহেশ্বৰ ক্ৰোধ উপজিল।
ধানৰ মুঠিত গৈয়া অগনি লগাল॥
দেখি ভীমে বেগে যাই আচাবি পেলাইলা।
নুমাইবাক নপাৰিল অগনি বাঢ়িলা॥
এহিমতে সাতদিন ধান পুৰি আছে।
একদিন শঙ্কৰে যে দেখিলেক পাছে॥
কমণ্ডলু জলে নুমাইলাহা মুণ্ডমালী।
সি কাৰণে কিছু আহু কিছু ভৈলা শালি॥
ৰাম সবস্বতী ভণে এড়া আন কাম।
পাতেক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

বঘাসুৰ বধ।

ছবি।

সেহি বেলা বঘাসুৰে দিব্য ৰথ চাৰি খানে,
 দেখে চাৰি জন বীৰ আছে।
দেৱযোগ্য অলঙ্কাৰ কিৰীটি কুণ্ডল হাৰ,
 দিব্য ৰত্ন সন্নহা পিন্ধিছে॥
মহা প্ৰকাশিত দেখি মনত ভাবিয়া বোলে,
 ইতো পূৰ্ব্ব মনুষ্য নোহয়।
হাস্য কৰি কোপ মনে মদমত্ত গৰ্ব্বান্বিত,
 খৰতৰ বচন বোলয়॥