পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩১
ভীম চৰিত।

পাৰ্ব্বতী বদতি প্ৰভু গৈলোহোঁ হঠাৎ।
পুবিলেক ধান খান দেখিলোঁ সাক্ষাত॥
চৰণত ধৰো প্ৰভু দোষ মৰষিয়ো।
আৰু একবাৰ প্ৰভু খেতিক কৰিয়ো॥
শুনিয়া শঙ্কৰে আৰ বাৰ ধান কৈলা।
গজি ধান খান গৈয়া তেখনে পকিলা।
শঙ্কৰে বোলয় দেবী পকিলেক ধান।
গৰখীয়া পাঞ্চিয়া ধানৰ আগ আন॥
হেন শুনি পাৰ্ব্বতী ভীমকে পাঞ্চিলা।
কাচিখন লৈয়া ভীম তেখনে চলিলা॥
নিমিষেকে ভীমে ধান পেলালেক কাটি৷
সৰু সৰু হাতেৰে ভৈলেক তিনি মুঠি॥
ধান কাটি ভীমে আসি বুলিলেক বাক।
এহি ধান দাইবে লাগি পাঠাইলা আমাক॥
কি কৰিবে কৃষি আই ভঙ্গুৱা শঙ্কৰ।
কৈত শুনি আছাহাঁ চহকী ভিক্ষুকৰ॥
ভূঁই কৰো বুলি চাউল আনা মাগি যাচি।
অন্নব্যঞ্জন মানে তাঙ্ক দিবা বাচি॥
ভাঙ্গ ধুতুৰা গুৰি জুমথি হাতত।
বাটে হোকা খাই শিৱ ফুৰয় সতত॥
ভুঁই কৰোঁ বুলি ঐৰ পৰা চলি যাই।
গছৰ তলত বসি থাকে ভাঙ্গ খাই॥
লাহে লাহে বায়ু যদি লাগিলা গাৱত।
বাঘছাল পাৰি শোৱে তাহাৰ তলত॥
নিদ্ৰা গৈয়া অচেতন ভাৱে থাকে পৰি।
ঢোন্দাকাকে চাবি ফালে খুটিৱাৱে বেঢ়ি॥
গধূলি সময় ভৈলে লভয় চেতন।
ঘৰক আসয় মাৰি ঘাৱ চাৰিমান॥
হেন শুনি মহেশ্বৰে তুলিলেক হাস।
মিছা কথা কহি দন্দ লাগাই বাক চাস॥