পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

মহাভাৰত। ভীষ্মৰ বচন শুনি বাজা দুৰ্য্যোধন। ভাল ভাল বালিশ অনাইলা তেতিক্ষণ। নলৈলন্ত ভীষ্ম তাঙ্ক মহাকোপ কৰি। দেখি দুৰ্যোধন ৰাজা থাকিল অন্তৰি॥ দুৰ্য্যোধন বাজা বৰ গৰিহাক পাইলা। অৰ্জুনৰ মুখ তেবে গঙ্গাসুতে চাইলা | ভীষ্ম বোলে নাতি মোৰ শুনিয়ে বচন। ইক সামৰ্থ নুহিবেক একোজন। শুনিয়ে বচন মোৰ বা ধনঞ্জয়। পবম মহন্ত তুমি জানা সমস্তয়॥ ওলমি আছয় মাথা মোৰ বৰ টান। আব অৰ্থে বাপু মোক দিয়োক শিথান। হেন শুনি ধনঞ্জয় উঠিল। তেখন। প্ৰদক্ষিণে গাঙ্গেয়েৰ নমিল। চৰণ। গাণ্ডীৱ ধনুক ধৰি কৰিয়া টঙ্কাৰ। শবদে পূৰিলা গৈয়া সৰ্গৰ দুৱাৰ। বাচি বাচি প্ৰহাৰিলা তৃকন্টিক শৰ। ভীষ্মৰ শিৰক আৰি কৰিলা উপৰ। উৰ্দ্ধমুখ শৰ পুংখ ভূমি উপগত। ভীষ্মৰ শিৰক ৰাখিলন্ত উপৰত। শয়ন উচিত গাণ্ডু দিলা ধনঞ্জয়। দেখি ৰঙ্গমন ভৈলা গঙ্গা তনয়। অদ্ভুত দেখিয়া আছে যত বীৰগণ। অৰ্জ্জুনক মাতিলন্ত গঙ্গাৰ নন্দন। সাধু সাধু ধনঞ্জয় কুন্তিৰ কুমাৰ। ত্যু সম বীৰ আৰ নাহি বলিয়াৰ। প্ৰচণ্ড শকতি সৰ্ব কাযে সুশিক্ষিত। বীৰ শয়নক বাপু এহিসে উচিত। আনভাৱে গাণ্ডু যদি দিলি হন্তে মোক। মিছা নুহি অৱশ্যে শপিলো হন্তে তোক॥