সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৪
অসমীয়া সাহিত্যৰ চানেকি।

যেবে উত্তৰাৰ্ক সূৰ্য্য নচলন্ত মানে।
কোৱাঁ গৈয়া পুত্ৰত নেবোক তাৱে প্ৰাণে॥
শুনি ঋষিগণে হংসৰূপে তাৱক্ষণে।
চলি গৈলা যৈত আছে গঙ্গাৰ নন্দনে॥
ৰণভূমি পাইলা গৈয়া আকাশ গমনে।
ভীষ্মক দেখিলা শৰ শয্যাত শয়নে॥
ভীষ্মৰ ধৈৰ্য্যক দেখি মনে গুণি সাৰ।
আকাশত প্ৰদক্ষিণ কৰি শতবাৰ॥
আগক আসিলা পাছে আদৰিত ভাৱে।
সবে মিলি দক্ষিণক কৰিলা উৎসৱে॥
ইঙ্গিতে জানিলে তাঙ্ক শুনি নিৰন্তৰ।
ইঙ্গিতে চিনিলে তাঙ্ক গঙ্গাৰ কুমাৰ॥
পাছে তাসম্বাক ভীষ্ম বুলিলন্ত বাক।
গঙ্গাদেৱী পঠাইলেক জানো তোমাসাক॥
যাবে উত্তবাৰ্ক নোহো তাৱে নেৰোঁ প্ৰাণ।
তুমি সবে আমাৰ মাতৃক দিয়া জান॥
হেন কথা শুনি মুনিগণ গৈলা চলি।
কুৰু পাণ্ডৱৰ সৈন্য আছন্ত আকলি॥
তথাপিতো নেবেোঁ প্ৰাণ শুনা মোৰ বাক।
যাবদেকে আদিত্য নোহয় উত্তৰাৰ্ক॥
আকে জানি আমাক দিয়োক সেনাগণ।
বাপু দুৰ্য্যোধন শুনা মোহোৰ বচন॥
চতুৰ্দ্দিশে আমাৰ বান্ধিয়ো গৰখান।
আৰো এক বচন শুনিয়ো বীৰগণ॥
বিঞ্চনি চামৰ ধৰিয়োক সুকোমল।
শৰীৰৰ মাখি মোৰ খেদাও সকল॥
দেখা মোৰ শিৰ গোট ওলমি আচয়।
তাৰ বিষে দেখা মোৰ শৰীৰে কাম্পয়॥
তাৰ বিষে সকলে শৰীৰে কৰে চোট।
শৰ নাই ওলমি আচয় শিৰ গোট॥