সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১২
অসমীয়া সাহিত্যৰ চানেকি।

বৃদ্ধততে সম্মুখত পড়িলোঁ সমৰ।
আকে জানি মোক প্ৰতি শোক পৰিহৰ॥
ঈশ্বৰ নিমিত্ত যত দেখা জগতত।
সবাৰে ওপজে মৃত দেহাৰ লগত॥
মোক প্ৰতি সবে লোকে শোক পৰিহৰি।
কৈক গৈলা গুৰু দ্ৰোণ আনা শীঘ্ৰে কৰি॥
দৃঢ় মুষ্টি মহাবল বাসৱ সমান।
কোথা গৈলা বাপু ধনঞ্জয় মোৰ প্ৰাণ॥
কোপা গৈলা যুধিষ্ঠিৰ বীৰ বৃকোদৰ।
শীঘ্ৰ কৰি আসা দুয়ো মাদ্ৰীৰ কুমাৰ॥
কোথা গৈলা দুৰ্য্যোধন নকৰিবি শোক।
শত ভাই সমে-বাপু শীঘ্ৰে আসিয়োক॥
কোথা গৈলা দামোদৰ অৰ্জ্জুনৰ সখি।
সংসাৰতো পৰাহৰা তোমাক নেদেখি॥
যাক হৃদয়ত ধৰে মহন্ত সকল।
শীঘ্ৰে দেখায়োক মোক চৰণ কমল॥
ত্ৰিভুবন ভুবন মোহন তুমি হৰি।
নোখোজোঁ বৈকুণ্ঠ নাম তৱ নিজ পুৰি॥
মৃয়মান সময়ত মাগোঁ এহিমান।
তোমাৰ চৰণে দৃঢ় ভক্তি দিয়া দান॥
বৈশম্পায়ন বদতি শুনিয়েো নৰেশ্বৰ।
বীৰগণে শুনিলেক উত্তৰ ভীষ্মৰ॥
আত তানন্তৰে কথা শুনা নৰেশ্বৰ।
ভীষ্মৰ ভক্তিত তুষ্ট ভৈলা গদাধৰ॥
প্ৰেমজলে আকুল ভৈলেক নাৰায়ণ।
জানু শিৰে নমিলন্ত ভীষ্মৰ চৰণ॥
পাছে থিয় হুয়া তান চৰণৰ কাছে।
বীগণ সমস্তে বিস্ময় হুয়া আছে॥
ভীষ্মক গৌৰবে পৃথিবীত জানু পাৰি।
আপোনাক চিনাইলন্ত বিষ্ণু নাম ধৰি॥