দেখিবাক খোজা যদি গঙ্গাৰ কুমাৰ।
দেখাঁ হেৰা মই কৃষ্ণ সেৱক তোমাৰ॥
এহি বুলি ভীষ্মক সাদৰে দামোদৰ।
দিব্য ৰূপ দৰশিলা ভুবন সুন্দৰ॥
চাৰু চতুৰ্ভুজ জ্বলে মকৰ কুণ্ডল।
যাৰ জ্যোতি প্ৰকাশে পাণ্ডুৰ গণ্ডস্থল॥
মাথাত কিৰীটি জ্বলে অগনিৰ জ্বালা।
কণ্ঠে শোভে আজানুলম্বিত বনমালা॥
অৰুণ অলক দুই প্ৰফুল্ল কমল।
কিৰীটি কুণ্ডলে সমে শোভয় কপাল॥
কণ্ঠত কৌস্তুভ জ্বলে অৰুণ অধৰ।
দেখিতে শোভন বক্ষস্থলে হেমহাৰ॥
হেন দেখি ভীষ্ম তাত মনে গুণিলন্ত।
যোগীৰ মৰণ যোগ্য নোহে ইবেলাত॥
সঞ্জয় বদতি কথা শুনা একমনে।
আঘোণত ভীষ্ম পড়িলন্ত ঘোৰ ৰণে॥
বাট চাহি ৰহিলেক আঘোণ পৌষক।
আঘোণে চলন্ত ৰবি দক্ষিণ পথক॥
এতেকে মাঘক আপেক্ষিয়া মহাবীৰ।
আঘোণ মাসত নমৰিলা মহাধীৰ॥
যেতিক্ষণে ভীষ্ম পড়িলেক ঘোৰ ৰণে।
তেতিক্ষণে গঙ্গাদেবী জানিলন্ত মনে ॥
গঙ্গায়ে বোলন্ত মোৰ পুত্ৰ মহাবীৰ।
জানো অজিজ্ঞাসি বাপু তেজয় শৰীৰ॥
ইবেলাত দুত কৰি পাঞ্চি দিবো কাক।
প্ৰাণ নেৰিবেক হেন কহিবে পুত্ৰক॥
এহি বুলি দেবী মনে গুণিলন্ত পাছে।
দেখন্ত তপস্যা কৰি মুনিগণ আছে॥
তাসম্বক পঠাইলেক ভাগিৰথী আই।
পুত্ৰক কহিয়ো মোৰ শীঘ্ৰে বেগে যাই॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৩
মহাভাৰত।