পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১১
মহাভাৰত।

যিবা যেই বাঞ্ছে তাক লভিবে নিশ্চয়।
লক্ষ্মীৰ বচন ইতো অন্যথা নোহয়॥
যাৰ গৃহে থাকে ইটো পুস্তক ৰতন।
যিটো নৰে শুনে ভণে আক অনুক্ষণ॥
ত্ৰিসন্ধ্যা পঢ়য় যিটো অতি শুদ্ধমতি।
লক্ষ্মী নাৰায়ণ তুষ্ট হোন্ত তাৰ প্ৰতি॥
তাৰ গৃহে কোনো কালে বিঘিনি নোহয়।
পুত্ৰ ভাৰ্য্যা সমে সদা সন্তোষে বঞ্চয়॥
হেন জানি নৰলোক এৰি আন কাম।
লক্ষ্মী নাৰায়ণ স্মৰি বোলা ৰাম ৰাম॥

মহাভাৰত।

[ ভীষ্ম পৰ্ব্ব ]

বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
সেহি বেলা শ্ৰুতি পাইলা গঙ্গাৰ কুমাৰ॥
অৰ্জ্জুনৰ শৰ বিষে ফুটি যায় প্ৰাণ।
তথাপিতো ধৈৰ্য্য ধৰি লভিলন্ত জ্ঞান॥
শ্ৰুতি পাই চক্ষু মেলিলন্ত মহাবল।
আগতে দেখিলা কুৰু পাণ্ডবিৰ বল॥
কতো বীৰে কান্দে শোকে পৃথিবীত পৰি।
মহা শোকে কান্দে সবে মৰ্ম্মে পাৰে গেৰি॥
দেখি ভীষ্ম সবাহানে শোক দূৰ কৰি।
সবাকো সম্বোধি মাতিলন্ত ধীৰে ধীৰি॥
সমীপ চাপিলা যদি বীৰ সমস্তয়।
সবাকে সম্বোধি ভীষ্ম বচন বোলয়॥
শুনিয়োক কুৰু পাণ্ডবিৰ বীৰগণ।
মোৰ প্ৰতি শোক নকৰিবা একোজন॥